সৌন্দৰ্য চৰ্চাত খাদ্যই গুৰুত্বপূৰ্ণ ভুমিকা পালন কৰে

মানুহ হৈছে সৌন্দৰ্যপিয়াসী।সুন্দৰৰ সাধনী মানুহৰ প্ৰিয়।সৌন্দৰ্যশালী হৈ থকাটো প্ৰত্যেকৰে কামনা।সেয়ে আজিকালি প্ৰায় সকলো মানুহেই সৌন্দৰ্য সচেতন হৈ উঠা দেখা গৈছে।সৌন্দৰ্যৰ সৈতে খাদ্যাভ্যাসৰ যথেষ্ট ভুমিকা আছে।সেয়ে আজি আলোচনা কৰিবলৈ লৈছোঁ সৌন্দৰ্য চৰ্চাত খাদ্যৰ ভুমিকা সম্পৰ্কে।সৌন্দৰ্য চৰ্চাত খাদ্যৰ ভুমিকা অতিকৈ উল্লেখযোগ্য।আমি খোৱা খাদ্যই আমাৰ ক্ষুধা নিবাৰণ কৰাৰ লগতে দেহৰ সৌন্দৰ্যও বিকশিত কৰে।প্ৰতিটো খাদ্যবস্তু গ্ৰহণৰ পাছত তাৰ প্ৰভাৱ বাহ্যিকভাৱে আমাৰ ছালখনত পৰিস্ফুট হয়।উদাহৰণস্বৰুপে,বাদামজাতীয় খাদ্য খালে ছালখন অত্যধিকভাৱে শুকান হৈ নপৰে।আমি খোৱা প্ৰত্যকবিধ খাদ্যবস্তুৱেই আমাৰ স্বাস্থ্য আৰু সৌন্দৰ্যত প্ৰভাৱ পেলায়।ছাল,চুলি,নখৰ সুস্বাস্থ্যৰ বাবে কিছুমান ভিটামিন আৰু মিনাৰেল অত্যাৱশ্যকীয়।এইবোৰৰ সঠিক পৰিমাণৰ সেৱনে আপোনাৰ সৌন্দৰ্যক চালে চকুৰোৱা কৰি তুলিব।সেয়ে,আহকচোন সচেতন হওঁ খাদ্যৰে সৌন্দৰ্য চৰ্চা কৰিবলৈ।

পানী:পানীৰ প্ৰয়োজনীয়তা আৰু উপকাৰিতাৰ কথা কৈ অন্ত কৰিব নোৱাৰি।পৰিষ্কাৰ পানী পৰ্যাপ্ত পৰিমাণে গ্ৰহণ কৰিলে আপোনাৰ ছালখন যৌৱনাদীপ্ত আৰু উজ্জ্বল হৈ উঠিব,শালমইনা প্ৰতিৰোধ হ’ব।কাৰণ পানীয়ে ছালৰ কোষবোৰ সজীৱ কৰি তোলে আৰু বিষাক্ত পদাৰ্থবোৰ শৰীৰৰ পৰা বাহিৰ কৰি দিয়ে।

ভিটামিন ‘এ’:আপোনাৰ ছালখন আৰু চকুযুৰিৰ সৌন্দৰ্য বিকশিত কৰাত ভিটামিন ‘এ’ৰ অৱদান অত্যাৱশ্যকীয়।ভিটামিন ‘এ’ৰ অভাৱে ছাল শুকান কৰি তোলে আৰু দৃষ্টিশক্তি হ্ৰাস কৰে।ভিটামিন ‘এ’ই ত্বক শুকান হোৱা আৰু ফটাত বাধা দিয়ে আৰু কোষৰ গঠন কৰে।ভিটামিন ‘এ’যুক্ত খাদ্যবোৰ হ’ল গাজৰ,পালেং শাক,গাখীৰ,লিভাৰ,কণীৰ কুহুম আদি।অৱশ্যে এটা কথা মনত ৰখা উচিত যে এই ভিটামিনৰ অত্যাধিক সেৱনে ছালৰ ৰুক্ষতা,চুলি সৰা,ওঁঠ ফটা আদি সমস্যাৰ সৃষ্টি কৰিব পাৰে।

ভিটামিন ‘বি’:ওঁঠৰ শুষ্কতা আৰু ফটা সমস্যাৰ এটা অন্যতম কাৰণ হৈছে ভিটামিন ‘বি’ৰ অভাৱ ।এই ভিটামিনৰ উৎসসমুহ হৈছে মাংস,লিভাৰ,গাখীৰ,সেউজীয়া শাক,মাহজাতীয় খাদ্য আদি।

ভিটামিন ‘চি’:ভিটামিন ‘চি’-এ ছালখন সুন্দৰ কৰি ৰখাৰ উপৰি বলিৰেখাৰ সৃষ্টি হোৱাত বাধা দিয়ে।ভিটামিন ‘চি’ৰ উৎসসমুহ হৈছে কমলা,নেমু,আঙুৰ,আমলখি আদি টেঙাজাতীয় ফল।

ভিটামিন ‘ই’-ভিটামিন ‘ই’-এ ছালৰ সৌন্দৰ্য অতুলনীয় কৰি তোলে।ইয়াৰ প্ৰধান উৎস হৈছে পেষ্টা বাদাম,আখৰোট আদি।ভিটামিনৰ উপৰি আমাৰ খাদ্য খনিজযুক্ত হোৱাটো সমানে আৱশ্যকীয়।এইবোৰ হৈছে-

লো(আইৰন):লোৱে তেজৰ গঠন আৰু বিশুদ্ধকৰণত সহায় কৰে।ইয়াৰ উপৰি আমাৰ ছালখনত এক গোলাপী আভাৰ সৃষ্টি কৰি দেখাত সুন্দৰ কৰি তোলে।বিভিন্ন সেউজীয়া শাক-পাচলি,কলডিল,কাঁচকল,ফল আৰু মাংসত প্ৰচুৰ পৰিমাণে আইৰন পোৱা যায়।

দস্তা (জিংক):সুস্থ আৰু সুন্দৰ ত্বকৰ বাবে দস্তাৰ প্ৰয়োজনীয়তাও যথেষ্ট।দস্তাৰ প্ৰধান উৎস হৈছে মাছ,মাংস ,কণী আদি।

অ’মেগা থ্ৰী ফেটি এচিড:অ’মেগা থ্ৰী ফেটি এচিডে ছালখনক সুৰ্যৰ ৰশ্মিৰ পৰা ৰক্ষা কৰে আৰু ছালৰ সৌন্দৰ্য অটুট ৰখাত সহায় কৰে।ইয়াৰ উৎসসমুহ হৈছে মাছ,মিছামাছ আদি।

আপোনাৰ দৈনন্দিন খাদ্য তালিকাত দিনৰ বা ৰাতিৰ সাঁজত মাছ অৱশ্যেই অন্তৰ্ভুক্ত কৰক।কাৰণ মাছত থকা তেলে আপোনাৰ ছালখনৰ শুশ্ৰূষা কৰে আৰু ছালৰ বৰণ উজলাই তোলে।বিভিন্ন ৰঙৰ ফলৰ চালাড,গজালি ওলোৱা মাহ,(বুট,মগু,মটৰ আদি),দৈ,ভেজিটেবল ছুপ আপোনাৰ খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰি সুস্বাস্থ্য আৰু সৌন্দৰ্য বঢ়াই তোলক।

Related Articles