সৌন্দৰ্য চৰ্চাত জেতুকা পাতৰ প্ৰয়োজন কি? জানিবলৈ পঢ়ক…

সৌন্দৰ্য চৰ্চাত জেতুকাপাত

  • জেতুকাৰ পাত চুলিৰ বাবে খুবেই উপকাৰী। জেতুকাৰ পাত পিহি তাৰ লগত আমলখিৰ ৰস মিহলাই নিয়মিত চুলিত লগালে অকালপক্কতাৰ পৰা হাত সাৰিব পাৰি।
  • যিসকলৰ চুলি পকিছে, তেওঁলোকে জেতুকাপাতৰ দ্বাৰা চুলিখিনি ৰঙচুৱা কৰি ল’ব পাৰে।
  • জেতুকাপাতৰ ৰসে চুলিৰ ৰং সজীৱ কৰে আৰু মস্তিষ্ক ঠাণ্ডা ৰাখে।
  • জেতুকাপাতৰ ৰসৰ লগত নেমুৰ ৰস মিহলাই মূৰত লগালে উফি দূৰ হয়।
  • জেতুকাপাত ভালদৰে পিহি তাৰ লগত দৈ আৰু কণী মিহলাই নিয়মিতভাৱে মূৰত লগালে চুলি সৰা বন্ধ হোৱাৰ লগতে চুলিৰ উজ্জ্বলতা বৃদ্ধি পায়।

চুলিৰ নিচিনাকৈ ছালৰো সৌন্দৰ্য বঢ়াবলৈ জেতুকাপাতৰ গুণাগুণ অসীম। কাৰণ বিবাহেই হওক বা বিহুৱেই হওক হাত বা ভৰিৰ সৌন্দৰ্য বঢ়াবলৈ প্ৰায় সকলো মহিলায়েই জেতুকা লগোৱা দেখা যায়। বিয়ালৈ সাজু হোৱা কইনাজনীয়ে যদি হাতত জেতুকা নলগায়, তেন্তে কইনাৰ গোটেই সাজটোৱেই আধৰুৱা আধৰুৱা যেন লাগে। হাত আৰু ভৰিৰ সৌন্দৰ্য বঢ়াবলৈ জেতুকাপাত ব্যৱহাৰ কৰা হয় যদিও ই চুলিৰ নিচিনাকৈ ছালৰো বিভিন্ন ধৰণৰ ৰোগ নিৰাময় কৰে।

  • জেতুকাপাত মিহিকৈ বটি নখত লগালে নখৰ সৌন্দৰ্য বঢ়াৰ লগতে নখৰ যিকোনো ৰোগ ভাল হয়।
  • ছালত খজুৱতি হ’লে নিয়মিত জেতুকাপাতৰ ৰস লগালে খজুৱতি কমে।
  • যিসকলৰ বলিৰেখা পৰিছে, তেওঁলোকে জেতুকাপাত সিদ্ধ কৰি সেই পানীৰে দিনে দুবাৰকৈ মুখ ধুলে লাহে লাহে বলিৰেখা আঁতৰে।
  • বহুতৰে শৰীৰৰ পৰা দুৰ্গন্ধ ওলোৱা দেখা যায়। বিশেষকৈ গ্ৰীষ্মকালত। এওঁলোকে গা ধোৱা পানীত জেতুকাপাতৰ ৰস মিহলাই গা ধুলে শৰীৰৰ দুৰ্গন্ধ নোহোৱা হয়।
  • ঘামচি হোৱা স্থানত জেতুকাপাতৰ ৰস লগালে ঘামচি কমে। গতিকে জেতুকাৰ ৰস ব্যৱহাৰ কৰি আমি সৌন্দৰ্য বৰ্ধনৰ লগতে বিভিন্ন ধৰণৰ ছাল আৰু চুলিৰ ৰোগৰ পৰাও হাত সাৰিব পাৰো।

Related Articles