চাপৰৰ এটা পুখুৰীয়ে জ্বলা -কলা খুৱাইছে ৰাইজক

ধুবুৰী : এটা পুখুৰীয়ে জ্বলা -কলা খুৱাইছে ৰাইজক । দুৰ্গন্ধময় পৰিৱেশৰ মাজত জীৱন অতিবাহিত কৰিব লগা হৈছে ৰাইজে । স্বচ্ছ ভাৰত মিছন আঁচনি যেন ধোঁৱা চাঙত । পুখুৰীটোৰ লেতেৰা পৰিবেশৰ পৰা ৰাইজক বচাবলৈ আহ্বান । এই দৃশ্য চাপৰ পৌৰসভাৰ ৫ নং ৱাৰ্ডত থকা পুখুৰীটোৰ । ধুবুৰী জিলাৰ চাপৰ পৌৰসভাৰ অন্তৰ্গত ৫ নং ৱাৰ্ডত অৱস্থিত এটা পুখুৰীয়ে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ স্বপনৰ আঁচনি স্বচ্ছ ভাৰত অভিযানক যেন ধোৱা চাঙত তুলিছে।লেতেৰা তথা দুৰ্গন্ধময় পুখুৰীটোৱে সাধাৰণ ৰাইজক জ্বলা কলা খুৱাইছে।


উল্লেখ্য যে বহু দিনৰে পৰা বহু লোকে উক্ত পুখুৰীটোত লেতেৰা জাবৰ পেলাই আহিছে।অবশেষত পুখুৰীটো লেতেৰা জাবৰে ভৰি পৰি এক দুৰ্ঘন্ধময় পৰিবেশেৰ সৃষ্টি কৰিছে।ফলত ওচৰ চুবুৰীয়াই এক দুৰ্ঘন্ধময় পৰিবেশৰ মাজত জীবন অতিবাহিত কৰিব লগা হৈছে।আনকি পুখুৰীটোৰ কাষতে থকা পথটোৰে অহা যোৱা কৰোতে নাকত হাত দি যাত্ৰা কৰিব লগা হয়।
উক্ত পুখুৰীটোৰ পেলনীয়া তথা লেতেৰা বস্তুবোৰ নিষ্কাসন কৰি ঠাইখিনি অইন উপযোগী কামত ব্যবহাৰ কৰিবলৈ নব গঠিত চাপৰ পৌৰসভাৰ সমিতিখনক ৰাইজে আহ্বান জনায়।

Related Articles