Breaking

আই আই টি গুৱাহাটীৰ চমকপ্ৰদ উদ্ভাৱন। শীত-তাপ যন্ত্ৰৰ বিকল্প হ’ব ৰেডিয়েটিভ কুলাৰ

0 1,601

আই আই টি গুৱাহাটীৰ চমপপ্ৰদ উদ্ভাৱন।শীত-তাপ যন্ত্ৰৰ বিকল্প হ’ৱ ৰেডিয়েটিভ কুলাৰ।জ্ঞান আৰু প্ৰজ্ঞাৰ উচ্চ শিক্ষা প্ৰতিষ্ঠান আই আই টি গুৱাহাটীৰ “Electronics and Electrical engineering” বিভাগৰ এটা গবেষকৰ দলে শেহতীয়াকৈ এটা চমকপ্ৰদ উদ্ভাৱন কৰিছে।

এই উদ্ভাৱনৰ দ্বাৰা এতিয়া বিদ্যুতৰ সহায় নোহোৱাকৈ আপুনি শীত-তাপ নিয়ন্ত্ৰণ যন্ত্ৰৰ বিকল্প হিচাপে ব্যৱহাৰ কৰিব পাৰিব “ৰেডিয়েটিভ কুলাৰ ” ।আই আই টি গুৱাহাটীৰ “Electronics and Electrical engineering”বিভাগৰ গবেষক ছাত্ৰ আশীষ কুমাৰ চৌধুৰীয়ে বিভাগটোৰ সহ : অধ্যাপক দেৱব্ৰত সিকদাৰ, এম টেকৰ ছাত্ৰ অনুৰাগ ৰেড্ডীৰ সহযোগত এই উদ্ভাৱন সাৰ্থক কৰি তুলিছে ।‌অতি কম খৰছত সকলোৱে ব্যৱহাৰ কৰিব পাৰিব ৰেডিয়েটিভ কুলাৰ । দিন ৰাতি সমানেই কাম কৰা এই যন্ত্ৰটোৱে তাৰ চাৰিওফালৰ পৰিবেশৰ শীত তাপ নিয়ন্ত্ৰণ কৰিব পাৰিব।

সম্পূৰ্ণ সৌৰশক্তিৰ দ্বাৰা পৰিচালিত হ’ৱলগীয়া যন্ত্ৰটোৰ পৰীক্ষা মূলক পৰ্যবেক্ষণ ইতিমধ্যে সম্পূৰ্ণ কৰা‌ হৈছে ।অহা এবছৰৰ ভিতৰত বজাৰত ঊপলব্ধ হ’ব এই ৰেডিয়েটিভ কুলাৰ।

Leave A Reply

Your email address will not be published.