Breaking

‘৬০ৰ পৰা ৮০ জন লোকে মোৰ পুত্ৰক হত্যাৰ চেষ্টা চলাইছিল’, সিদ্ধু মুছেৱালাৰ পিতৃৰ মন্তব্য

0 1,522

৬০ৰ পৰা ৮০ জন লোকে মোৰ পুত্ৰক হত্যাৰ চেষ্টা চলাইছিল, সিদ্ধু মুছেৱালাৰ পিতৃৰ মন্তব্য।কমেও ৬০-৮০ জন লোকে মোৰ পুত্ৰক হত্যাৰ চেষ্টা চলাইছিল। এই বিস্ফোৰক মন্তব্য কৰিছে গায়ক সিদ্ধু মুছেৱালাৰ পিতৃ বলকৌৰ সিঙে। সিঙে কয় যে পঞ্জাৱ বিধানসভা নিৰ্বাচনৰ সময়ৰে পৰাই তেওঁৰ পুত্ৰৰ ওপৰত বহুতে আক্ৰমণ সংঘটিত কৰিব বিচাৰিছিল।তাৎপৰ্যপূৰ্ণ ভাৱে বৰ্তমান পঞ্জাৱত কংগ্ৰেছ বিৰোধী আসনত আছে। পাঞ্জাৱৰ আপ চৰকাকৰে মুছেৱালাৰ সুৰক্ষা বাহিনী প্ৰত্যাহাৰ কৰিছিল। তাৰ পাছতে এই হত্যাকাণ্ড সংঘটিত হৈছে।ইতিমধ্যে পাঞ্জাৱৰ মুখ্যমন্ত্ৰী ভাগৱত মানে এই সন্দৰ্ভত এটা তদন্ত ঘোষণা কৰিছে। পুলিচৰ প্ৰাথমিক তদন্তত হত্যাকাণ্ডটোক লৈ বহুকেইটা জল্পনা কল্পনাৰ সৃষ্টি হৈছে। হত্যাকাণ্ডটোৰ স’তে ল’ৰেন্স বিষ্ণই নামৰ এজন গেংষ্টাৰৰ নাম সাঙুৰ খাই পৰিছে। বৰ্তমান বিষ্ণই তিহাৰ জেলৰ ৮ নম্বৰ কুঠৰিত আছে। জেলৰ পৰাই গেংষ্টাৰগৰাকীয়ে মুছেৱালাক হত্যাৰ পৰিকল্পনা কৰিছিল বুলি সন্দেহ কৰা হৈছে।

তদুপৰি সন্দেহ কৰা হৈছে যে বিষ্ণইৰ স’তে এই পৰিকল্পনাত সংগী আছিল কানাডাত থকা আন এগৰাকী পঞ্জাৱী গেংষ্টাৰ গল্ডী ব্ৰাৰ। তাৎপৰ্যপূৰ্ণভাৱে হত্যাকাণ্ডটো সংঘটিত হোৱাৰ পাছতে গল্ডী ব্ৰাৰে ইয়াৰ দায়িত্ব স্বীকাৰ কৰি এটা ফেচবুক প’ষ্ট দিছে। প’ষ্টটোত গল্ডী ব্ৰাৰে লিখিছে যে মুছেৱালাই তেওঁলোকৰ গেঙৰ বিৰুদ্ধে কাম কৰিছিল বাবেই এই হত্যাকাণ্ড সংঘটিত কৰা হৈছে।ব্ৰাৰে লিখে যে তেওঁৰ গেঙৰ বন্ধু ৱিক্ৰমজিৎ সিং মিদ্দুখেৰা, গুৰলাল ব্ৰাৰ, অংকিত ভাদুৰ হত্যাত মুচেৱালা জড়িত আছে। ইয়াৰ মাজৰে ৩৩ বৰ্ষীয় বিক্ৰমজিৎ ওৰফে ভিকী মিদ্দুখেৰা আকালী দলৰ এগৰাকী নেতাও আছিল। ২০২১ চনৰ ৭ আগষ্টত ভিকীক অচিনাকি দুৰ্বৃত্তই হত্যা কৰে। গেংষ্টাৰ গল্ডী ব্ৰাৰে ফেচবুক প’ষ্টটোত লিখিছে যে মুছেৱালাই তেওঁৰ মেনেজাৰ চগুনপ্ৰীত সিংঙৰ হতুৱাই এই হত্যাকাণ্ড সংঘটিত কৰিছিল।

কিন্তু মুছেৱালাৰ ৰাজনৈতিক শক্তি থকা বাবেই আৰক্ষীয়ে তেওঁৰ বিৰুদ্ধে ব্যৱস্থা নললে। সেইবাবেই গেংষ্টাৰৰ দলটোৱেই মুচেৱালাৰ বিৰুদ্ধে প্ৰতিশোধ পুৰায়। ইতিমধ্যে দিল্লী আৰক্ষীয়ে গেংষ্টাৰ বিষ্ণইক জেৰা কৰা বুলি জানিব পৰা গৈছে।

যিহেতু মুছেৱালা এগৰাকী সংগীতশিল্পী আছিল, সেয়ে তেওঁৰ মৃত্যুক লৈ হতভম্ব হৈ পৰিছে তেওঁৰ অনুৰাগীসকল। আনকি অনুৰাগীসকলে মুছেৱালাই মুক্তি দিয়া তেওঁৰ অন্তিমটো গানৰ ভিডিঅ’লৈও আঙুলিয়াই দিছে। দ্যা লাষ্ট ৰাইড নামৰ উক্ত গানটোত আমেৰিকাৰ কিংম্বদন্তি ৰেপাৰ টুপাক শ্বাকুৰলৈ শ্ৰদ্ধাঞ্জলি জনোৱা হৈছে। টুপাক শ্বকুৰক ১৯৯৬ চনত মাত্ৰ ২৫ বছৰ বয়সতে তেওঁৰ শত্ৰুপক্ষই গুলিয়াই হত্যা কৰিছিল।

মুছেৱালাই তেওঁৰ গানটোৰ টুপাক শ্বকুৰৰ হত্যাকাণ্ডৰ হুবহু এটা দৃশ্য সন্নিৱিষ্ট কৰিছিল। দৃশ্যটোত মুছেৱালাই টুপাক শ্বকুৰৰ ভূমিকাত অৱতীৰ্ণ হৈছিল। টুপাক শ্বকুৰৰ দৰেই মৃত্যুৰ সময়ত মুছেৱালাৰ বয়স আছিল মাত্ৰ ২৯ বছৰ। পঞ্জাৱৰ মানসা জিলাৰ মুছা নামৰ গাওঁখনত জন্মলাভ কৰা মুছেৱালাৰ সম্পূৰ্ণ নাম হৈছে শুভদীপ সিং সিদ্ধু। ২০১৭ চনত ‘So High’ নামেৰে তেওঁ প্ৰথমটো প্ৰথমটো গান মুকলি কৰে।

তাৰ পাছৰে প্ৰচুৰ জনপ্ৰিয়তা লাভ কৰাৰ উপৰিও তেওঁৰ গানৰ বিষয়বস্তুক লৈ বিতৰ্কও সৃষ্টি হৈছিল। বিশেষকৈ ৰেপাৰগৰাকীৰ কিছু কিছু গানে হিংসাক উদ্গনি যোগোৱা বুলি অভিযোগ কৰি অহা হৈছিল। ২০২০ চনত কেপ্টেইন অমৰিন্দৰ সিং চৰকাৰে ৰেপাৰগৰাকীৰ ওপৰত এই অভিযোগতে সশস্ত্ৰ আইনৰ অধীনত এটা গোচৰো তৰিছিল। এই জনপ্ৰিয়তা আৰু চৰ্চিত ব্যক্তিত্ব হিচাপেই তেওঁ যোৱা বৰ্ষত কংগ্ৰেছত যোগদান কৰে।

তদুপৰি কৃষি আইন বিৰোধী আন্দোলনতো মুছেৱালাই অংশগ্ৰহণ কৰে। চলিত বৰ্ষৰ পঞ্জাৱ নিৰ্বাচনত কংগ্ৰেছৰ টিকটতে তেওঁ মানসা সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা কৰে। কিন্তু নিৰ্বাচনটোত তেওঁ আপ প্ৰাৰ্থী ডঃ বিজয় সিংলাৰ হাতত শোচনীয়ভাৱে পৰাজয়বৰণ কৰে।

পঞ্জাৱ প্ৰদেশক জোকাৰি যোৱা সিদ্ধু মুছেৱালা হত্যাকাণ্ডত বৃহৎ সফলতা লাভ কৰিছে আৰক্ষীয়ে। সিদ্ধু মুছেৱালাক নিচেই ওচৰৰ পৰা গুলীয়াই হত্যা কৰা অংকিত ছিৰছাক দিল্লী আৰক্ষীৰ বিশেষ কোষে তেওঁৰ সহযোগীৰ সৈতে গ্ৰেপ্তাৰ কৰে।

এয়া দিল্লী আৰক্ষী বিশেষ কোষৰ দলটোৰ বাবে সফলতা বুলি গণ্য কৰা হৈছে, কিয়নো সিদ্ধু মুছেৱালা হত্যাকাণ্ডত চৰ্চালৈ আহিছিল ৬জন শ্বুটাৰৰ নাম। ইয়াৰে এজন প্ৰিয়ব্ৰত ফৌজীক আগেয়ে গ্ৰেপ্তাৰ কৰা হৈছিল।

৬জন শ্বুটাৰৰ ভিতৰত ফৌজী আৰু অংকিত আছিল মূল শ্বুটাৰ। সূত্ৰ অনুসৰি, এখন বলেৰো গাড়ীখনত বহি আছিল তেওঁলোক। বলেৰ’ৰে মুছাৱালাৰ গাড়ীত খুন্দা মৰাৰ পিছত আটায়ে গুলী চলাইছিল। কিন্তু আটাইতকৈ ভয়ংকৰ ৰূপত ফৌজী আৰু অংকিতে মুছৱালাৰ ওপৰত গুলীচালনা কৰিছিল।

শ্বুটাৰ অংকিতৰ পৰা ৩টা পঞ্জাৱ আৰক্ষীৰ ইউনিফৰ্ম উদ্ধাৰ কৰা হৈছে। বিশেষ কোষৰ জ্যেষ্ঠ বিষয়াসকলে ইতিমধ্যে প্ৰকাশ কৰিছে যে সিদ্ধু মুছেৱালাক হত্যাৰ পূৰ্বে এক নম্বৰ অভিযান আছিল আৰক্ষীৰ পোছাকত গুলীচালনা কৰা লোকসকল সিদ্ধু মুছেৱালাৰ ঘৰলৈ যাব। ইয়াৰ পিছতে হত্যাকাণ্ড কাৰ্যকৰী কৰিব। কিন্তু সিদ্ধু মুছেৱালাৰ নিৰাপত্তা ব্যৱস্থাৰ বাবে সেই পৰিকল্পনা বাতিল কৰা হয়৷

ইফালে অংকিত শিৰছাক গ্ৰেপ্তাৰ কৰাৰ পিছতে গায়ক সিদ্ধুৰ হত্যাকাৰীসকলে তেওঁলোকৰ অস্ত্ৰ-শস্ত্ৰ লৈ স্ফূৰ্তি কৰা এটা ভিডিঅ’ সম্প্ৰতি ভাইৰেল হৈছে। এখন গাড়ীত থকা পাঁচজন অপৰাধীয়ে হাঁহি থকাৰ লগতে পাঞ্জাৱী সংগীত বজাই কেমেৰাৰ ফালে তেওঁলোকৰ বন্দুকবোৰ প্ৰদৰ্শন কৰিছিল। এই হত্যাকাণ্ডটো উদযাপন কৰা দুটা ভিডিঅ’ শ্বুটাৰৰ কনিষ্ঠতম অংকিত শিৰছাৰ ফোন স্কেন কৰাৰ পিছত ওলাই পৰিছিল। ভিডিঅ’বোৰ তেওঁৰ এতিয়া বিলোপ কৰা ইনষ্টাগ্ৰাম হেণ্ডেলত পোষ্ট কৰা হৈছিল।

Leave A Reply

Your email address will not be published.