Breaking

তামুলপুৰ জিলাৰ কুমাৰীকাটা ৰেঞ্জৰ অন্তৰ্গত বগাজুলিৰ দৈমুগুৰীত নিশা বনৰীয়া হাতীৰ আক্ৰমনত এজন নিহত

0 1,590

নিহত লোক জন কৃষ্ণ গয়াৰী ৷ জানিব পৰা ভুটানৰ পাদদেশৰ পৰা খাদ্যৰ সন্ধানত নামি অহা বনৰীয়া হাতীৰ জাকে নিশা জনাঞ্চলত প্ৰবেশ কৰে। দুপৰ নিশা হাতীৰ জাকৰ পৰা ফালৰি কাটি অহা এটি হাতীয়ে লোক জনৰ ঘৰ দুৱাৰ ভাঙি পেলায় ৷ সিমানতে ক্ষান্ত নাথাকি লোক জনকো আক্ৰমণ কৰাত থিতাতে নিহত হয় লোক জন।

অতি দুৰ্গম অঞ্চলটোত সংঘটিত এই ঘটনাটো আজি পুৱা বহু পলমকৈ হে স্থানীয় লোকে খবৰ লাভ কৰে।পাছত বনবিভাগক খবৰ দিয়ে। ইতিমধ্যেই আৰক্ষী আৰু দল বনবিভাগৰ দল দণ্ডাধীশ সহ ঘটনাস্থলীত উপস্থিত হৈ কুমাৰীকাটা আৰক্ষীৰ সহযোগত মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ কাৰণে দিহা কৰিছে বুলি বনবিভাগে জনাইছে।

তামুলপুৰৰ পৰা প্ৰসাদ দাসৰ প্ৰতিবেদন

Leave A Reply

Your email address will not be published.