Breaking

দক্ষিণ শালমাৰাৰ ফকিৰগঞ্জত জব্দ বান সাহায্যৰ পশু খাদ্য

0 1,581

দক্ষিণ শালমাৰাৰ ফকিৰগঞ্জ আৰক্ষী চকীৰ অন্তৰ্গত নস্কৰা গাওঁ পঞ্চায়তৰ ৫ নং ৱাৰ্ড সদস্য ইদ্ৰিছ আলীৰ ঘৰৰ পৰা আজি সন্ধিয়া ফকিৰগঞ্জ আৰক্ষী চকীৰ আৰক্ষীয়ে অভিয়ান চলাই ১১ বস্তা সন্দেহজনক পশু খাদ্য জব্দ কৰিবলৈ সক্ষম হয়৷উল্লেখ্য যে, নস্কৰা গাওঁ পঞ্চায়তৰ ৫ নং ৱাৰ্ড সদস্য ইদ্ৰিছ আলীৰ বিৰুদ্ধে বান সাহায্যৰ ১১ বস্তা পশু খাদ্য হৰলুকি কৰাৰ অভিযোগ উত্থাপন কৰি বৃহস্পতিবাৰে পুৱা অনুমান ৮-৩০ মিনটত নস্কৰা এল পি স্কুলত এখন ৰাইজ মেলৰ আয়োজন কৰিছিল ৰাইজে । উক্ত ৰাইজমেলত মাৰপিটৰ ঘটনা সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰি আজি ফকিৰগঞ্জ আৰক্ষী চকিত এখন এজাহাৰ দাখিল কৰি দোষীক কৰায়ত্ত কৰাৰ দাবী জনায় গঞা ৰাইজে৷


এজাহাৰত উল্লেখ কৰা মতে ৱাৰ্ড সদস্য জনে চৰকাৰে দিয়া বান সাহায্যৰ পশু খাদ্য ৰাইজৰ মাজত বিতৰ নকৰি বিক্ৰী কৰাৰ উদ্দেশে ১১ বস্তা পশু খাদ্য নিজ বাসগৃহত জমা কৰি ৰাখিছিল । স্থানীয় ৰাইজে উক্ত ঘটনাৰ উমান পাই গাৱঁৰ মুখিয়াল সকলোৰ উপস্থিত বুধবাৰে নস্কৰা এল পি স্কুলৰ খেল পথাৰত এখন ৰাইজমেলৰ আয়োজন কৰে যদিও ৰাইজমেলত বাৰ্ড সদস্য গৰাকীৰ লগতে আৰু কেইজনমান লোকে অভিযোগকাৰী বাহাদুৰ ইছলাম আৰু তেওৰ কেইজমান আত্মীয়ক মাৰপিট কৰে আৰু মাৰপিটৰ ঘটনাত কেইবাজনো লোক গুৰুত্বৰ ভাবে আহত হয় বুলি উল্লেখ কৰি ফকিৰগঞ্জ আৰক্ষী চকিত এখন এজাৰ দাখিল কৰে৷

বাইট- আমানুৰ ইছলাম (বিজেপিৰ সদস্য)শেহতীয়াকৈ উক্ত এজাহাৰৰ ভিত্তিত আজি সন্ধিয়া ফকিৰগঞ্জ আৰক্ষীয়ে ৱাৰ্ড সদস্য ইদ্ৰিছ আলীৰ ঘৰত অভিযান চলাই ১১ বস্তা পশু খাদ্য জব্দ কৰিবলৈ সক্ষম হয় যদিও এতিয়ালৈকে কোনো ব্যক্তিক গ্ৰেপ্তাৰ কৰিব পৰা নাই বুলি জানিব পৰা গৈছে৷

মানকাচৰৰ পৰা আশিক ইকবাল হুচেইনৰ প্ৰতিবেদন

Leave A Reply

Your email address will not be published.