Breaking

১৫ জুলাইৰ পৰা টংলাত চতুৰ্থ সদৌ অসম থাই বক্সিঙ চেম্পিয়নশ্বিপ

0 1,543

ওদালগুৰি জিলা থাই বক্সিঙ সন্থাৰ উদ্যোগত ক্ৰীড়া নগৰী টংলাস্থিত উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেল পথাৰত অহা ১৫ জুলাইৰ পৰা ১৭ জুলাই লৈকে ৰাজ্যিক ভিত্তিত দিবা নৈশ পুৰুষ মহিলা উভয়ৰে ছাব জুনিয়ৰ ,চিনিয়ৰ থাই বক্সিঙ প্ৰতিযোগিতা -২০২২অনুষ্ঠিত কৰা হৈছে বুলি জানিব দিয়ে থাই বক্সিঙ সন্থা অসমৰ কাৰ্যকৰী সভাপতি খৰ্গেশ্বৰ বৰা(জিন্না)ই।১৫ জুলাইৰ পৰা অনুষ্ঠিত হ’বলগীয়া প্ৰতিযোগিতাখনি আবেলি ১-৩০ বজাত প্ৰতিযোগীৰ নাম পঞ্জীয়ন ,৪-৩০বজাত আদৰণি সমিতিৰ কাৰ্যকৰী সভাপতি ৰবীন্দ্ৰ বড়োৰ দ্বাৰা আদৰণি,সাংস্কৃতিক অনুষ্ঠান আৰু আদৰণি ভাষণ।


১৬ জুলাইত পতাকা উত্তোলনৰ পিছতে কেবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰিব থাই বক্সিঙ সন্থা অসমৰ অধ্যক্ষ দিঠকানন্দ হাজৰিকা,বিটিচিৰ কাৰ্যবাহী সদস্য দিগন্ত বৰুৱা, কেবিএৰ সভাপতি নৃপেন চন্দ্ৰ ৰয়,এন এছ ডিয়ান পবিত্ৰ ৰাভাই।১৭ জুলাইত ৯ বজাৰ পৰা প্ৰতিযোগিতা আৰম্ভ ,আবেলি ৪ বজাত পুৰস্কাৰ বিতৰণী অনুষ্ঠান ।চতুৰ্থ সদৌ অসম থাই বক্সিঙ চেম্পিয়নশ্বিপ -২০২২ত মুখ্য অতিথি হিচাপে অসম বিধান সভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী ,বিটিচিৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়ো ,বিটিচিৰ উপ মুখ্য কাৰ্যবাহী গোবিন্দ বসুমতাৰী প্ৰমুখ্যে বিশিষ্ট অতিথি উপস্থিত থাকিব।

এন টি ভি চিজন দ্বিতীয় ভইচ ইণ্ডিয়া কিডছ’ৰ বিজয়ী মানসী চহৰীয়াই সাংস্কৃতিক অনুষ্ঠান পৰিবেশন কৰিবলগীয়া সামৰণী অনুষ্ঠানৰ লগতে তিনিওদিনৰ কাৰ্য্যসূচীত উদযাপন সমিতিৰ সভাপতি প্ৰফুল্ল ৰাভা আৰু অসম থাই বক্সিঙ সন্থাৰ সাধাৰণ সম্পাদক ৰিতুমনি ৰাভাই খেলুৱৈ প্ৰেমী ৰাইজৰ সহায় সহযোগিতা আৰু উপস্থিতি কামনা কৰিছে।

Leave A Reply

Your email address will not be published.