Breaking

গোসাইগাঁৱত কৃষকৰ প্ৰতিবাদ। জলসিঞ্চন আঁচনি অতি শীঘ্ৰে মেৰামতি কৰাৰ দাবী কৃষকৰ

0 1,556

খেতিপথাৰত পানী যোগান দিবই লাগিবই ,তামা- ডিংডিংগা জলসিঞ্চন আঁচনি অতি শীঘ্ৰে মেৰামতি কৰক ,আমাৰ দাবী ন্যায্য দাবী,ডোংগৰ ছিঙা মাথাউৰি নিৰ্মাণ কৰক আদি বিভিন্ন শ্লোগান আওৰাই ধ্বনি দি এক উওাল পৰিৱেশ সৃষ্টি কৰে গোসাইগাঁৱৰ একাংশ কৃষক ৰাইজে ৷২৮ নং গোসাইগাঁও সমষ্টিৰ অন্তৰ্গত তামা- ডিংডিংগা জলসিঞ্চন আঁচনিখনৰ মালাগুৰী শ্লুইছ গেটৰ দক্ষিণ দিশৰ বল্লমগুৰীস্হিত আঁচনিখনৰ ডোংগৰ মাথাউৰি পানীৰ ধলত ছিঙি যোৱা স্থানত আজি দিনৰ দহ বজাত একাংশ কৃষক ৰাইজ সমবেদ হৈ জলসিঞ্চন বিভাগৰ বিৰুদ্ধে প্ৰতিবাদী ধ্বনি দি বিভাগটোৰ প্ৰতি কৃষক ৰাইজে ক্ষোভ প্ৰকাশ কৰে ৷উল্লেখনীয় বিষয় যে যোৱা জুন মাহত প্ৰবল বৃষ্টি পাতত আৰু বাঢ়নী পানীৰ তাণ্ডৱলীলাৰ ফলশ্ৰুতিত জলসিঞ্চন আঁচনিখনৰ ডোংগৰ মাথাউৰি পাঁচটা স্থানত পানীয়ে খহাই নিয়ে ৷সম্প্ৰতি বল্লমগুৰীস্থিত ডোংগৰ মাথাউৰি প্ৰকাণ্ডভাৱে ভাঙি যোৱাত সেই স্থানৰে আঁচনিৰ পানী ওলাই যোৱাত বল্লমগুৰী পথাৰত অতিৰিক্ত পানীৰ ভাৱে শালিধান ৰোপণ কৰিব পৰা নাই।

আনহাতে অক্সিগুৰী ,ছেৰফাংগুৰী ,পদ্মমবিল ,হাৰাপুটা ,ৰাংগুৱাপাৰা ,শাহাজুৰি আদি কৰি ভালেখন গাঁৱৰ ৰাইজে তামা-ডিংডিংগা আঁচনিখনৰ দ্বাৰা পানী যোগান নোপোৱাত শ শ খেতি পথাৰত পানীৰ অভাৱত শালিধান ৰোপণ কৰিব পৰা নাই৷দুই – এক কৃষকে বৰষুণৰ পানীৰ দ্বাৰা শালিধান ৰোপণ কৰিছিল যদিও সেয়াও প্ৰখৰ ৰদত মৰি যোৱাৰ উপক্ৰম ঘটিছে ৷পানীৰ অভাৱত খেতিপথাৰত চিৰাল ফাট মেলিছে ৷কৃষক ৰাইজে শালিধানৰ ভৰপক সময়ত শালিধান ৰোপণ কৰিব নোৱাৰাত কৃষক ৰাইজ চিন্তিত হৈ পৰিছে ৷জুন মাহত জলসিঞ্চন আঁচনিখনৰ ডোংগৰ মাথাউৰি পানীৰ প্ৰবল তাণ্ডৱলীলাত ছিঙি যোৱাৰ পিছতো জলসিঞ্চন বিভাগটোৱে একো গুৰুত্ব প্ৰদান কৰা নাই বুলিও ৰাইজে অভিযোগ কৰিছে ৷

Leave A Reply

Your email address will not be published.