Breaking

নাজিৰাত ৫ সুৰামত্ত যুৱক-যুৱতীৰ তাণ্ডৱ। মদৰ ৰাগিত মাতাল হৈ মহতিয়াই নিলে বিদুৎৰ খুটা

0 1,590

নাজিৰাত সুৰামত্ত যুৱকে সংঘটিত কৰিলে পথ দূৰ্ঘটনা, তিব্ৰবেগী বিলাসী বাবে মহতিয়াই নিলে বিদ্যুৎৰ খুটা। দুৰ্ঘটনাত গাড়ীখনৰ সন্মুখভাগ বিস্তৰভাৱে হয় ক্ষতি সাধন।আজি নাজিৰাৰ আমোলাপট্টিৰ ৭নং ৱাৰ্ডত আজি সংঘটিত হয় এক পথ দূৰ্ঘটনা। সুৰামত্ত যুৱকে প্ৰচণ্ড জোৰেৰে খুণ্ডা মাৰে বিদ্যুৎৰ খুটাত। স্থানীয় ৰাইজৰ মতে সুৰাৰ ৰাগীৰ বাবে এই দুৰ্ঘটনাটোত সংঘটিত হয়।

নাজিৰা দিশৰ পৰা জয়সাগৰ অভিমুখী এখন ৰঙাৰ বলেন’ বাহনত সুৰামত্ত অৱস্থাত আহিছিল চাৰিজন যুৱকসহ এগৰাকী যুৱতী।সুৰামত্ত যুৱক-যুৱতীৰ দলটোৱে আমোলাপট্টি সাত নং ৱাৰ্ডৰ এটা বৈদ্যুতিক খুটাত খুন্দা মৰাত বলেন’ বাহন খনৰ সন্মুখভাগ বিস্তৰ ক্ষতি সাধন হয়।বলেন’ বাহন খনৰ নম্বৰ AS01DB0386। বাহনখে ইমানেই দ্ৰুত বেগী আছিল যে বিদ্যুৎৰ খুতাত খুণ্ডা মৰা পাছত গাড়িৰ সন্মুখ ভাগ ভগাৰ ওপৰিও গাড়ীৰ দুটাকৈ এয়াৰবেগো বাহিৰ হয়।সুৰামত্ত চাৰিজন যুৱক ক্ৰমে শ্বৰৰ্ফাজ আহমেদ,চায়ৰুল আহমেদ,শুভমিত্ৰ বৰুৱা,শুভদ্বীপ কৰ্মকাৰ আৰু যুৱতী গৰাকীৰ নাম ৰিম ভূঞা বুলি জানিব পৰা গৈছে।

এই পাঁচগৰাকীকৈ যুৱক-যুৱতী কম-বেছি পৰিমাণে আঘাত প্ৰাপ্ত হৈছে।ঘটনা স্থলীত নাজিৰা আৰক্ষী উপস্থিত হৈ এই পাঁচগৰাকীকৈ যুৱক-যুৱতীক আটক কৰা নাজিৰাৰ লিগিৰী পুখুৰী চিকিৎসালয়ত চিকিৎসা কৰে লগতে দূৰ্ঘটনাত বিস্তৰ ক্ষতি সাধন হোৱা বলেন’ বাহন খনো জব্দ কৰে নাজিৰা আৰক্ষীয়ে। আনফালে আৰক্ষীয়ে স্বাস্থ্য পৰীক্ষা কৰোঁতে নাজিৰা লিগিৰী পুখুৰী চিকিৎসালয়ত আৰক্ষীৰ জিম্মাৰ পৰা এজন যুৱক পলায়ন কৰে।


নাজিৰাৰ পৰা দিলীপ হাজৰিকা প্ৰতিবেদন

Leave A Reply

Your email address will not be published.