Breaking

ওদালগুৰিত ৰাভা ব্যাপষ্টিচ খ্ৰীষ্টান এছোচিয়েছনৰ উদ্যোগত দক্ষতা বিকাশ কাৰ্যসূচী সম্পন্ন

0 81

ওদালগুৰিত ৰাভা ব্যাপষ্টিচ খ্ৰীষ্টান এছোচিয়েছনৰ উদ্যোগত দক্ষতা বিকাশ কাৰ্যসূচী ।যুৱ সমাজে নিজৰ কৰ্ম দক্ষতাৰে সঠিক পথলৈ আগবাঢ়ি যাবলৈ কেনেদৰে উচিত সিদ্ধান্ত লোৱা উচিত বা নিজকে কেনেদৰে এজন সফল ব্যক্তি হিচাপে গঢ়িব পাৰি তাৰ সন্দৰ্ভত আজি ওদালগুৰি আদামছ কম্পাউন্টত ৰাভা ব্যাপষ্টিচ খ্ৰীষ্টান এছোচিয়েছনৰ উদ্যোগত দক্ষতা বিকাশ কাৰ্যসূচী এটি অনুষ্ঠান হৈ যায়।

সমাজ সংগঠক লিনা ৰাভা আৰু খঞ্জনা ৰাভাৰ পৰিচালিত উক্ত অনুষ্ঠান খনত আদৰণি ভাষণ দিয়ে । ৰাভা ব্যাপষ্টিচ খ্ৰীষ্টান এছোচিয়েছনৰ সভাপতি মন্তূ কুমাৰ ৰাভাই,গীত পৰিবেশন কৰে ক্ৰমে কৰ্ণ ৰাভাই আৰু ৰিকী ৰাভাই,নৃত্য কৰে ছাবুকধৰা যুৱ সংঘই।

অনুষ্ঠানখনত সমল ব্যক্তি হিচাবে উপস্থিত থাকি ভাষণ প্ৰদান কৰে ক্ৰমে ভেৰগাও হাইস্কুলৰ সহ শিক্ষক এলি দৈমাৰী,জিলা সমাজ কল্যান বিভাগৰ জিলা সমন্বয়ক জৌ্ংছাৰ দৈমাৰী আৰু প্ৰযুক্তি বিভাগৰ কৰ্মী ৰৌষ্টম দৈমাৰীয়ে।সভাৰ শেষত শলাগৰ শৰাই আগবঢ়াই ধীৰাজ ৰাভাই।

Leave A Reply

Your email address will not be published.