Breaking

অসম নেটৱৰ্ক অফ পজিটিভ পিপুল চেন্টাৰত ১০০ তকৈ অধিক লোকক বিণামুলীয় স্বাস্থ্য পৰীক্ষা কৰোৱায়

0 1,528

গুৱাহাটীৰ সুৰুজ নগৰ স্থিত (Assam Network of positive people) অসম নেটৱৰ্ক অফ পজিটিভ পিপুল চেন্টাৰত গুৱাহাটী মেডিকেল কলেজ, সোণাপুৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ আৰু গুৱাহাটী মহানগৰীৰ অন্যতম ৰিজনেল ডেন্টেল চেন্টাৰৰ যৌথ উদ্যোগত দেওবাৰে অসম নেটৱৰ্ক অফ পজিটিভ পিপুল চেন্টাৰত চেন্টাৰটোৰ ২৬ জন অনাথ শিশু সকলক স্বাস্থ্য পৰীক্ষা কৰাৰ লগতে স্থানীয় ১০০ জনতকৈ অধিক লোকক চিকিৎসা সেৱা প্ৰদান কৰাৰ লগতে ১০০ জনকৈ লোকক ক’ভিড বুষ্টাৰ প্ৰদান কৰে।


গুৱাহাটী মেডিকেল কলেৰহৈ চিকিৎসা সেৱা প্ৰদান কৰে ডাঃ নিশ্চল দাস, ডা: যুগল প্রতিম দলে, ডা: মাধুর্য্য প্রতিম গোস্বামী আৰু ডা: অমৃত গিৰিয়ে । ৰি’জনেল ডেন্টেল ক্লিনিক চেন্টাৰৰহৈ দন্ত চিকিৎসা সেৱা আগবঢ়ায় ডা: স্বৰ্গজ্যোতি দাস, ডা: অনুশ্রী লহকৰ ডাঃ সন্দীপ মুখার্জী, ডা: মনিব ৰত্নম ডেকা আৰু আজাহাৰ আলিয়ে চিকিৎসা সেৱা প্ৰদান কৰে।

অসম নেটৱৰ্ক অফ পজিটিভ পিপুল অনুষ্ঠানৰ পৰিচালিকা জাহ্নৱী গোস্বামীয়ে এনে সুন্দৰ অনুষ্ঠান অনুষ্ঠিত কৰাৰ বাবে উদ্যোগতা সকলক ধন্যবাদ জ্ঞাপন কৰে লগতে আগলৈকে এনেধৰণৰ সহযোগীতা কামনা কৰিছে। আনপিনে দন্ত চিকিৎসা সেৱাৰ বাবে ICPA, Dey’s মেডিকেল ষ্টোৰ আৰু ৱাৰেন কোম্পানিয়ে বিশেষ ভাৱে সহযোগীতা আগ বঢ়ায়।

Leave A Reply

Your email address will not be published.