Breaking

মৰিয়নিত ডকাইতৰ ৰূপত অৰুণাচলী সুৰা ব্যৱসায়ী।৩ জনক আটক আন দুজন বৰ্তমানেও পলাতক

0 1,543

চিনেমাৰ কায়দাৰে অপহৰণ কৰি নাগালেণ্ডৰ কোনো অজ্ঞাত স্থানলৈ নি শাৰিৰীক নিৰ্যাতন চালক হেণ্ডিমেনক।জানিব পৰা মতে শনিবাৰৰ নিশা যোৰহাটৰ পৰা নাগালেণ্ডৰ জুনুবুটুলৈ যোৱা AS03 CC 2318 নম্বৰৰ এখন মাল পৰিবাহী মিনি ট্ৰাকৰ চালক হেণ্ডিমেনক এখন কলা বলেৰ আৰু ASO3 AF 3789 নম্বৰৰ এখন বগা Xuv100 বাহনত অহা ৫জনীয়া ডকাইতৰ দলে নিজকে আৰক্ষী বুলি চিনাকি দি চকুত কাপোৰ বান্ধি নাগালেণ্ডৰ কোনো অজ্ঞাত স্থানত নি মাৰপিট কৰাৰ লগতে কাৰেন্টৰ শ্বৰ্টো দিয়ে।তাৰ পাছতো কোনো মতে নিজৰ প্ৰাণ ৰক্ষা কৰি পলাবলৈ সক্ষম হোৱা চালক হেন্ডিমেনে পৰৱৰ্ত্তী সময়ত মৰিয়নি আৰক্ষী থানাত উপস্থিত হৈ এজাহাৰ দাখিল কৰে।

উক্ত এজাহাৰৰ ভিত্তিত মৰিয়নি আৰক্ষীয়ে আটক কৰে ৰাজীৱ মিলি,নিৰেন কাৰ্ডং আৰু চিমন গগৈ নামৰ তিনিটা ডকাইতক।বৰ্তমানেও পলাতক হৈ আছে অনুৰাগ চৌধুৰী আৰু ভৰত মিলি নামৰ ঘটনাৰ সৈতে জড়িত দুটা ডকাইত,উল্লেখযোগ্যযে ইয়াৰে অনুৰাগ চৌধুৰী নামৰ ডকাইতটো ABVP দলৰ সদস্যৰ লগতে মৰিয়নি মহাবিদ্যালয়ৰ ছাত্ৰ একটা সভাৰ সমাজ সেৱা বিভাগৰ সম্পাদক।

আটাইকেইটা ডকাইত অবৈধ অৰুণাচলী সুৰা ব্যৱসায় সৈতে জড়িত বুলি জানিব পৰা গৈছে। মৰিয়নি আৰক্ষীয়ে জানিব দিয়া মতে ২০২০ চনত মৰিয়নিৰ ৰাইবাহাদুৰ চুন্নি লাল নামৰ পেট্ৰল পাম্পত নিশা মৰনাস্ত্ৰ দেখুৱাই ডকাইটি কৰাৰ চেষ্টা কৰিছিল পলাতক ভৰত মিলি নামৰ ডকাইতটোৱে।

Leave A Reply

Your email address will not be published.