পবিত্ৰ শাওণ মাহৰ পহিলা দিনটোত নগাঁৱৰ বিভিন্ন শিৱ মন্দিৰত ভক্তপ্ৰাণ ৰাইজ-দৰ্শনাথীৰ ভিৰ

আজিৰে পৰা আৰম্ভ হৈছে হিন্দু ধৰ্ম্মাৱলম্বী লোক সকলৰ বাবে এটি পবিত্ৰ মাহ “শাওণ মাহ”৷ সেই উপলক্ষে আজি নগাঁও জিলাৰ বিভিন্ন শিৱ মন্দিৰ সমূহত হাজাৰ হাজাৰ শিৱভক্ত তথা দৰ্শনাৰ্থীয়ে ভিৰ কৰা পৰিলক্ষিত হৈছে ৷ হিন্দু ধৰ্ম্মাৱলম্বী লোক সকলে এই
শাওণ মাহৰ পহিলা দিনটোত আজি পুৱাৰে পৰা সন্ধিয়া পৰ্যন্ত নগাঁৱৰ বিভিন্ন শিৱ মন্দিৰ সমূহত চাকিবন্তি,শৰাই-শলিতা,ফলমূল আদিৰে দেবাদি দেৱ মহাদেৱ শিৱক পূজা-অৰ্চনা তথা আৰাধনা কৰি আৰ্শীষ গ্ৰহণ কৰে৷


জিলাখনৰ বেবেজীয়াৰ মাহৰিআটিৰ হৰিহৰ দেৱালয়,দক্ষিণপাটৰ কালিকা থান,হাতীগড়ৰ বুঢ়া গোহাঁই থান,জামুগুৰিৰ হৰগৌৰী মন্দিৰ,চকলাঘাট সোনাইপাৰৰ গৌৰীনাথ শিৱ মন্দিৰ,আমোলাপট্টি শ্মশানঘাট শিৱ মন্দিৰ,নগাঁও সাৰ্ব্বজনীন কৃষ্ণাশ্ৰম শিৱ মন্দিৰ,ভেৰভেৰীৰ মহামৃত্যুঞ্জয় মন্দিৰকে ধৰি অঞ্চলৰ বিভিন্ন সৰু-বৰ শিৱ মন্দিৰত আজি পুৱাৰে পৰা ভক্তপ্ৰাণ ৰাইজ তথা দৰ্শনাৰ্থীৰ লানি নিছিগা সোঁত বোৱা পৰিলক্ষিত হয় ৷ শাওণ মাহৰৰ পহিলা দিনটোত আজি ভক্তপ্ৰাণ তথা দৰ্শনাৰ্থী ৰাইজে অনাগত বছৰৰ দিনসমূহ যেন ভালে কুশলে পাৰ হৈ যোৱাৰ মানসেৰে মহাদেৱ শিৱবাবাৰ শ্ৰীচৰণত আৰ্শীবাদ লৈ নতুন উৎসাহ,নতুন উদ্যমেৰে নতুন জীৱন যাত্ৰা আৰম্ভ কৰিবলৈ প্ৰাৰ্থনা কৰাৰ লগতে বছৰটো কুশল-মংগলে যোৱাৰ কামনা কৰে৷

অন্যহাতে,নগাঁও জিলাৰ সাৰ্ব্বজনীন ৰেংবেং শিৱ মন্দিৰস্থিত বলবম স্থলীৰ পৰা নিশাৰে পৰা শিৱ ভক্ত সকলে হাতত পানীৰ কলহ লৈ পদব্ৰজে নগাঁৱৰ সাৰ্ব্বজনীন কৃষ্ণশ্ৰম শিৱ মন্দিৰৰ ওপৰি মহামৃত্যুঞ্জয় মন্দিৰৰ লগতে বিভিন্ন শিৱমন্দিৰ লিংগত পানী ঢালি আশীৰ্বাদ লোৱাৰ বাবেও হাজাৰ হাজাৰ ভক্তই অংশগ্ৰহণ কৰা দেখা যায়৷

Related Articles