চাপৰৰ আৰেয়াৰঝাৰত ঐতিহাসিক বাঁহ পুজা উদযাপন

হিন্দু শাস্ত্ৰমতে সমাজৰ অপায় অমংগল দূৰ কৰাৰ বাবে মা-কালীক পুজা-অৰ্চনা কৰা হয়। এই দৃশ্য ধুবুৰী জিলাৰ চাপৰ চক্ৰৰ অন্তৰ্গত আৰেয়াৰঝাৰ চাতিয়েনতোলা পূজা থলীৰ। এই পুজাথলীত বহু বছৰ ধৰি কোচ ৰাজবংশী সমাজৰ ডেকা বুঢ়া সকলোৱে মিলি ধৰ্মীয় ৰিতি নিতিৰে বাস পুজা-অৰ্চনা কৰি আহিছে।

বাস পুজা হল শক্তি পুজাৰ এটা অংশ। মা কালীৰ পুজা-অৰ্চনা কৰা হয়। যিহেতু আগৰ দিনত ডক্তৰ-হস্পিতালৰ সংখ্যা কম আছিল সেয়ে মহামাৰীৰ পৰা হাত সাৰিবলৈ আৰু অপ-শক্তি নিবাৰণৰ বাবে এই বাস পূজাটো কৰা হৈছিল বুলি জানিব দিয়ে।

ই এম গৰাকী উপস্থিত হৈ মন্দিৰটোৰ কিছু কাম কৰাৰ উদ্দেশ্যৰে নিজাববীয়া কৈ ৫০ হাজাৰ টকাৰ আৰ্থিক অনুদান আগবঢ়ায়।উক্ত পুজাথলিত উপস্থিত থাকে ধুবুৰী পূৱ জিলা অক্ৰাছুৰ সাধাৰণ সম্পাদক অনন্ত ৰায়,চাপৰ পৌৰসভাৰ ১নং ৱাৰ্ডৰ ৱাৰ্ড আয়ুক্ত ধনঞ্জয় মেধী, সুবৰ্ন নাথ আৰু শংকৰজ্যোতি সিংহ।

Related Articles