মৃত ব্যক্তিক কমলপুৰ মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়ত থৈ যুৱকৰ পলায়ন । মৃত টেম্প চালক গৰাকী বাইহাটা চাৰিআলি আৰক্ষী থানাৰ অন্তৰ্গত পাত্ৰপুৰৰ মতিবৰ ৰহমান ।
হস্পাতাললৈ লৈ অনা যুবকক চি চি টিভি কেমেৰাত চিনাক্ত কৰে মৃত ব্যক্তিৰ পৰিয়ালে। চিকিৎসালয়ৰ চি চি কেমেৰা পৰীক্ষন কৰাত বাইহাটা চাৰিআলি নগাৱৰ ৰেকিবুদ্দিন আহমেদৰ পুত্ৰ আচিক আহমেদ বুলি চিনাক্ত কৰে পৰিয়ালৰ লোকে।
কি কাৰনত আচিফে মৃত লোকজনক চিকিৎসালয় প্ৰাঙ্গনত এৰি থৈ আত্মগোপন কৰিলে তাকলৈ যথেষ্ঠ ৰহস্যৰ সৃষ্টি হৈছে । উল্লেখ্য যে মৃতদেহটোৰ মূৰত আঘাটৰ চিন থকালৈ চাই এইটো এটা হত্যাকাণ্ড বুলি সন্দেহ প্ৰকাশ কৰিছে । কমলপুৰ আৰু বাইহাটা চাৰিআলি থানাৰ আৰক্ষী উপস্থিত হৈ ঘটনা সম্পৰ্কত তদন্ত আৰম্ভ কৰিছে ।