Breaking

অসম চাহ নিগমৰ বাগিচা চলাবলৈ অপাৰক ৰাজ্য চৰকাৰ।১২ খন চাহ বাগিচা লীজত দিয়াৰ কুচকাৱাজ।প্ৰতিক্ৰিয়া চাহ শ্ৰমিক মুক্তি সংগ্ৰাম সমিতিৰ

0 1,293

ৰাজ্য চৰকাৰে অসম চাহ নিগম অধিনত থকা বাগিচা সমুহ ব্যক্তিগতকৰণ কৰিবলৈ ইতিমধ্যে সাজু হৈছে।ৰাজ্য চৰকাৰে লীজত দিব খোজা অসম চাহ নিগমৰ ১২ খন চাহ বাগিচাৰ ভিতৰত আছে গোলাঘাটৰ ৰঙামাটি,মিছামৰা,নেঘেৰিটিং চাহ বাগিচা।বাগিচাসমুহ লীজত দিয়াৰ পৰিৱৰ্তে পুনৰুজ্জীৱিত কৰিবলৈ ৰাজ্য চৰকাৰলৈ আহ্বান:চাহ শ্ৰমিক মুক্তি সংগ্ৰাম সমিতিৰ।

এক প্ৰকাৰে অৰ্থনৈতিক ভাৱে জুৰুলা অৱস্থাৰ কথা মুকলিকৈ প্ৰকাশ নকৰিলে শেহতীয়াকৈ লোৱা ৰাজ্য চৰকাৰৰ সিদ্ধান্ত সমুহে তাকে প্ৰমাণ কৰিছে।ব্যক্তিগতকৰণৰ বিৰোধিতাৰে চাহ শ্ৰমিক মুক্তি সংগ্ৰাম সমিতি গোলাঘাট জিলা উপ-সভাপতি হাচিদ আহমেদে সংবাদ মাধ্যমৰ আগত মত ব্যক্ত কৰি কয় যে,অসম চাহ নিগমৰ বাগিচা চলাবলৈ অপাৰক ৰাজ্য চৰকাৰ।

ইতিমধ্যে বণিয়াক লীজত দিবলৈ ৰাজ্য চৰকাৰে সময়সীমা বান্ধি দিছে ২৫ জুলাই।অসম চাহ নিগমৰ নিবিদা মতে নেঘেৰিটিং চাহ বাগিচা ফেক্টৰী মিছামৰা,ৰঙামাটি মূল্য ৯ কোটি ৫০ লাখ।উল্লেখ্য যে ১২ খন চাহ বাগিচা লীজত দিব খোজা বাগিচা কেইখনৰ কৰ্মচাৰীক চৰকাৰ তথা নিগমে দিবলৈ আছে ৫০০ কোটিৰো অধিক ধন।বাগিচা সমুহ লীজত দিয়াৰ পৰিৱৰ্তে পুনৰুজ্জীৱিত কৰাৰ ক্ষেত্ৰত হে গুৰুত্ব দিবলৈ আহ্বান জনাইছে চাহ শ্ৰমিক মুক্তি সংগ্ৰাম সমিতিয়ে।

ৰঙামাটিৰ পৰা দিব্য জ্যোতি কাকতি প্ৰতিবেদন

Leave A Reply

Your email address will not be published.