Breaking

ধুবুৰীত উপস্থিত হ’ল ভাৰতীয় মজদুৰ সংঘৰ ৰাজ্যিক সাধাৰণ সম্পাদক নৱ কুমাৰ গগৈ

0 1,573

ভাৰতীয় মজদুৰ সংঘৰ ৰাজ্যিক সমিতিৰ নিৰ্দেশত পোন প্ৰথমবাৰৰ বাবে ধুবুৰীত উপস্থিত হৈ ২১ জনীয়া এখন সমিতি গঠন কৰিলে ৰাজ্যিক সাধাৰণ সম্পাদক নব কুমাৰ গগৈ।ধুবুৰী জিলাত ২১ জনীয়া সমিতিৰ ভিতৰত সাহানুৰ ইছলামক সভাপতি আৰু তৌফিক আহমেদক সম্পাদক হিচাপে নিৰ্বাচিত কৰি ২১ জনীয়া এখন ধুবুৰী জিলা ভাৰতীয় মজদুৰ সংঘৰ সমিতি গঠন হয় ।

ৰাজ্যিক সাধাৰণ সম্পাদক নব কুমাৰ গগৈৰ মন্তব্যত উল্লেখ কৰি কয় ভাৰতীয় মজদুৰ সংঘৰ বিগত ১৯৫৫ চনত জন্ম হৈছিল আৰু তেতিয়াৰ পৰাই ভাৰতীয় মজদুৰ সংঘই ৰাষ্ট্ৰীয়হীত উদ্যোগীক আৰু শ্ৰমিকৰ হৈতে কাম কৰি আছে লগতে কয় যে আগন্তুক দিনতো ধুবুৰীৰ সকলো শ্ৰমিকৰ উন্নয়নৰ প্ৰতি লক্ষ্য ৰাখি বহু কাম কৰি যাব বুলি উল্লেখ কৰে নব কুমাৰ গগৈয়ে ।

ধুবুৰীৰ পৰা দেৱান জাহাঙ্গীৰ আলমৰ প্ৰতিবেদন

Leave A Reply

Your email address will not be published.