Breaking

দক্ষিণ শালমাৰাত ৰামপ্ৰসাদ দাসৰ অন্তিম সৎকাৰ কৰি সম্প্ৰীতিৰ নিদৰ্শন দাঙি‌ ধৰিলে মুছলমান সম্প্ৰদায়ৰ লোকে

0 1,563

দক্ষিণ শালমাৰাত সম্প্ৰীতিৰ সুন্দৰ নিদৰ্শন ৷ মুছলমানৰ কান্ধত হিন্দুৰ নশ্বৰ দেহ ৷ মুছলমানৰ মুখত ৰাম নাম ধ্বনিৰে অন্তিম সৎকাৰৰ বাবে লৈছে নশ্বৰ দেহ৷ সম্পূৰ্ণ হিন্দু ৰীতিনীতিৰ মাজেৰে মুছলমান সম্প্ৰদায়ৰ লোকৰ সহযোগিতাত অন্তিম সৎকাৰ কৰিছে ৰাম প্ৰসাদ নামৰ এজন হিন্দু লোকৰ৷দক্ষিণ শালমাৰা সমষ্টিৰ মনিৰচৰ গাৱঁত ব্ৰহ্মপুত্ৰ নদীৰ পাৰত ৰবিবাৰে মনিৰচৰ গাৱঁৰ ৰাম প্ৰসাদ দাসৰ মৃতদেহৰ অন্তোষ্টিক্ৰিয়া কৰে৷


উল্লেখ্য যে শনিবাৰে আবেলি বৰষুণৰ সময়ত নদীত মাছ ধৰিবলৈগৈ বজ্ৰপাতত মৃত্যু হৈছিল ৰাম প্ৰসাদ দাসৰ আৰু সঞ্জীত দাস নামৰ লোক জন গুৰুতৰ ভাৱে আহত হয়৷অৰ্ধশতাধিক হিন্দু পৰিয়ালে বসবাস কৰা মনিৰচৰ দাস পাৰাত কোনো শ্মশানৰ নথকাৰ বাবে হিন্দু সকলোৰ মৃত্যুৰ পিছত অন্তিম সৎকাৰৰ বাবে কষ্ট কৰিবলগীয়া হয় যাৰ বাবে হিন্দু সকলোৰ লগতে মুছলমান সকলেও মনিৰচৰ দাসপাৰাত এটা শ্মশানৰ ব্যৱস্থা কৰিবলৈ চৰকাৰক দাবী জনায়৷

মানকাচৰৰ পৰা আশিক ইকবাল হোচেইনৰ প্ৰতিবেদন

Leave A Reply

Your email address will not be published.