Breaking

দেওবাৰে ছিপাঝাৰত উপস্থিত মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰী

0 1,537

বানৰ ক্ষয়-ক্ষতিৰ বুজ ল’বলৈ ছিপাঝাৰত উপস্থিত হ’ল ছিপাঝাৰৰ অভিভাৱক মন্ত্ৰী তথা বন আৰু পৰিবেশ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী।দেওবাৰে পাথৰিঘাট ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয় আৰু ছিপাঝাৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ কেইবাটাও বানত ক্ষতিগ্ৰস্ত হোৱা অঞ্চল পৰিদৰ্শন কৰে মন্ত্ৰীগৰাকীযে।

পৰিদৰ্শন কৰা সময়ত মন্ত্ৰী গৰাকীক সংগ দিয়ে দৰং জিলাৰ উপায়ুক্ত প্ৰণৱ কুমাৰ শৰ্মাই। বানপানীৰ ক্ষয়-ক্ষতিৰ বুজ লোৱাৰ লগতে বানত বাসগৃহ বিনষ্ট হোৱা কেইবাঘৰো লোকৰ বাসগৃহ পৰিদৰ্শন কৰে। সম্পূৰ্ণৰূপে ক্ষতিগ্ৰস্ত ঘৰ ৯৫১০০ টকা লাভ কৰিব বুলি উল্লেখ কৰে মন্ত্ৰিগৰাকিয়ে।

যিসকল লোকৰ পকা ঘৰ বানত ক্ষতিগ্ৰস্ত হৈছে তেওঁলোকে ৫২০০ টকা পাব আৰু যদি কাচ্চা ঘৰ হয় তেওঁলোকে ৩১০০ টকা পাব বুলি সংবাদ মধ্যামক অৱগত কৰে।

Leave A Reply

Your email address will not be published.