Breaking

মানৱ উত্থান সেৱা সমিতিৰ বৃক্ষৰোপণ

0 1,544

বিশ্ববিখ্যাত আধ্যাত্মিক গুৰু তথা মানৱ ধৰ্মৰ প্ৰণেতা সৎগুৰুদেৱ সতপালদেৱ মহাৰাজৰ প্ৰেৰণাত ভৱিষ্যৎ প্রজন্মৰ বাবে পৰিৱেশ সংৰক্ষণৰ দৃষ্টিভংগীৰে আজি মানৱ উত্থান সেৱা সমিতিৰ মৰিয়নি শাখাৰ সৌজন্যত কাটনিবাৰী চাহ বাগিচা কাৰ্যালয়,চিকিৎসালয় আৰু দুৰ্গা মন্দিৰ প্ৰাংগণত গছপুলি ৰোপণ কৰা হয়।

উল্লেখ্য যে যোৱা ১০ জুলাইৰ পৰা ২৪ জুলাইলৈকে মানৱ উত্থান সেৱা সমিতিৰ সৌজন্যত সমগ্ৰ ভাৰতবৰ্ষতে গছপুলি ৰোপণেৰে বৃক্ষৰোপণৰ এই কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। ইয়াৰ অংশ স্বৰূপে গুৰুত্বপূর্ণ থলুৱা প্ৰজাতিৰ গছপুলি মৰিয়নিৰ বিভিন্ন স্হানত ৰোপণ কৰা হয়। মানৱ উত্থান সেৱা সমিতিৰ প্ৰেছ সচিব পংকজ কুমাৰ দাসে গছপুলি ৰোপণ, গুৰুত্বপূর্ণ থলুৱা উদ্ভিদ প্ৰজাতিৰ সংৰক্ষণ, প্ৰাতিষ্ঠানিক চৌহদৰ নান্দনিক সৌন্দৰ্যবৰ্ধন আৰু জলবায়ু পৰিৱর্তনৰ প্রশমনত সামূহিক সজাগতাৰ জৰিয়তে অক্সিজেন ভাণ্ডাৰ বৃদ্ধি কৰাত এই পদক্ষেপে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি উল্লেখ কৰি সকলোকে ‘আজাদী কা অমৃত মহোৎসৱ’ৰ সৈতে সংগতি ৰাখি ৭৫টা গছপুলিক অমৃত বৃক্ষ হিচাপে ৰোপণ কৰি কাৰ্যসূচীটো অমৃত বৃক্ষ মহোৎসৱলৈ ৰূপান্তৰ কৰিবলৈ অনুৰোধ জনাই।

মানৱ উত্থান সেৱা সমিতিৰ মৰিয়নি স্হিত মানৱ কল্যাণ আশ্ৰমৰ তত্ত্বাৱধায়ক সৱৰী বাঈজীৰ নিদেৰ্শনাত মৰিয়নিত আয়োজিত এই বৃক্ষৰোপণ কাৰ্যসূচীত মানৱ উত্থান সেৱা সমিতি তথা মানৱ সেৱা দলৰ বিষয়-ববীয়া সকলে উপস্থিত থাকি সহযোগিতা আগবঢ়ায়।

Leave A Reply

Your email address will not be published.