Breaking

শিৱসাগৰৰ নাজিৰা সীমান্তৱৰ্তী গেলেকী বগীচাপৰি পানী যোগান আঁচনিৰ মেৰামতিৰ কামত দুৰ্নীতিৰ অভিযোগ

0 1,555

বিশুদ্ধ খোৱা পানীৰ পৰা বঞ্চিত ৰাইজ, প্ৰশাসনে দুৰ্নীতিগ্ৰস্ত ঠিকাদাৰ আৰু ইঞ্চিনিয়াৰৰ বিৰুদ্ধে যাৱতীয় ব্যৱস্থা নললে আঁচনিৰ কাৰ্যালয়ত তলা লগোৱাৰ সিদ্ধান্ত ৰাইজৰ।বগীচাপৰি পানী যোগান আঁচনিৰ মেৰামতিৰ কামত দুৰ্নীতি। বিশুদ্ধ খোৱা পানীৰ পৰা বঞ্চিত ৰাইজ ।

শিৱসাগৰৰ নাজিৰা PHCৰ অধীনত থকা সীমান্তৱৰ্তী গেলেকী বগীচাপৰিত জল জীৱন মিছন আঁচনিৰ অধীনত নিৰ্মাণ হোৱা পানী যোগান আঁচনিখনৰ নিম্নগামী কাম কৰাৰ লগতে ঠিকাদাৰ, ইঞ্চিনিয়াৰ আৰু বিভাগীয় কৰ্তৃপক্ষই ৰাইজক বিশুদ্ধ খোৱা পানীৰ পৰা বঞ্চিত কৰাক লৈ উত্তেজনা । দীৰ্ঘদিন ধৰি ৰাইজে দুখিত পানী সেৱন কৰি অহাৰ ফলত শিশু, গৰ্ভৱতী মহিলাকে আদি কৰি অঞ্চলবাসী ৰাইজ জ্বৰ, বমি, কলেৰা আৰু গ্ৰহণী ইত্যাদি ৰোগত ভুগি অহাৰ ফলত এতিয়ালৈকে অঞ্চলটোৰ কেইবাটাও নাবালক শিশুৱে প্ৰাণ হেৰুৱাব লগা হোৱা বুলি জানিব পৰা গৈছে । ৰাজহুৱা সভাৰ জড়িয়তে নাজিৰা PHCৰ অধীনত থকা বগীচাপৰিত জল জীৱন মিছন আঁচনিৰ কামৰ ধন ঠিকাদাৰ, ইঞ্চিনিয়াৰ আৰু বিভাগীয় আমোলা বিষয়াই হৰণলুকি কৰাত ক্ষোভ প্ৰকাশ কৰি বৰ্তমানৰ সমিতিখন অঞ্চলবাসী ৰাইজে ভংগ কৰাৰ সিদ্ধান্ত লৈছে । সভাত শতাধিক ভুক্তভূগী ৰাইজ উপস্থিত থাকি নিজৰ অভাৱ অভিযোগ সমূহ ৰাজইৰ দৃষ্টিগোচৰ কৰে ।

নাজিৰা PHC কৰ্তৃপক্ষৰ বিৰুদ্ধে উত্তেজিত ৰাইজ ক্ষোভিত হৈ আজি ঐতিহাসিক বৰবৰুৱা পুখুৰীৰ পাৰত অৱস্থিত নাজিৰা মহকুমা মহকুমাধীপতি সব্যসাচী কাশ্যপ ডাঙৰীয়াক ঘটনা সন্দৰ্ভত এক লিখিত অভিযোগ পত্ৰ দাখিল কৰিছে । প্ৰশাসনে আঁচনিখনৰ দুৰ্নীতিগ্ৰস্ত ঠিকাদাৰ, ইঞ্চিনিয়াৰ আৰু বিভাগীয় কৰ্তৃপক্ষৰ বিৰুদ্ধে যাৱতীয় ব্যৱস্থা নললে শ্ৰীঘ্ৰে বগীচাপৰি জল জীৱন মিছন আঁচনিৰ কাৰ্যালয়ত তলা লগোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিব ৰাইজে ।

Leave A Reply

Your email address will not be published.