Breaking

আজি ২৩ সংখ্যক কাৰ্গিল বিজয় দিৱস …

0 131

আজি ২৩ সংখ্যক কাৰ্গিল বিজয় দিৱস । বিজয় দিৱসত স্মৰণ কাৰ্গিল যুদ্ধৰ বীৰ শ্বহীদক । শ্বহীদ জিন্টু গগৈৰ স্মৃতিত গোলাঘাটত পালন কৰা হৈছে বিজয় দিৱস ।

 ভাৰতৰ বাবে এটা চিৰস্মৰনীয় দিন । আজি ২২ সংখ্যক কাৰ্গিল বিজয় দিৱস । ১৯৯৯ চনৰ জুন মাহত সীমান্তৰ কাৰ্গিলত পাকিস্তান সেনাৰ সৈতে হোৱা ভাৰতীয় সেনাৰ তুমুল সংঘৰ্ষৰ পিছতে একে বৰ্ষৰে ২৬ জুলাইত ভাৰতীয় সেনাই পাকিস্তানী সেনাক পৰাভূত কৰি পাকিস্তান সীমান্তত উৰুৱাইছিল বিজয় ধ্বজ্জা ।

প্ৰায় ডেৰমাহ দিন ধৰি চলিছিল দেশ মাতৃক ৰক্ষাৰ যুঁজ । উক্ত যুজঁত কেবা শতাধিক সৈনিকৰ মৃত্যু হোৱাৰ বিপৰীতে আহত হৈছিল সহস্ৰাধিক জোৱান । তাৰ পিছতো ভাগৰি পৰা নাছিল ভাৰতীয় সেনা । শত্ৰুৰ সকলো কৌশল উফৰাই আজিৰ দিনটোতে কাৰ্গিলত প্ৰায় ১৮ হাজাৰ ফুট উচ্চতাত ভাৰতীয় সেনাই উৰুৱাইছিল বিজয় নিচান । সেই দিন ধৰি উক্ত দিনটো পালন কৰি অহা হৈছে কাৰ্গিল বিজয় দিৱস হিচাপে ।

Leave A Reply

Your email address will not be published.