Breaking

ঢেকীয়াখোৱা বৰনামঘৰত প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ…

0 1,642

ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰৰ অক্ষয় বন্তিৰ আর্শীষ লাভ কৰাৰ উদ্দেশ্যৰৰে উপস্থিত হোৱা প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে বন্তি প্ৰজ্বলন কৰি সেৱা লয়। পবিত্ৰ ভাদ মাহলৈ মাজত এটা দিন বাকী থকাৰ সময়তে ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰত পত্নীসহ উপস্থিত হয় প্ৰাক্তন মুখ্য ন্যায়াধীশ তথা বৰ্তমানৰ ৰাজ্য সভাৰ সাংসদ ৰঞ্জন গগৈ।

ঢেকীয়াখোৱা বৰনামঘৰৰ পৰিচালনা সমিতিয়ে বিশেষ ভাবে সম্বৰ্ধনা জনোৱাৰ লগতে বৰ নামঘৰৰ কাষেৰে বৈ যোৱা বহু ঐতিহ্য বহন কৰা বুঢ়ী দিহা নদীৰ সৌন্দৰ্যবৰ্ধনৰ বাবে এটি প্ৰস্তাৱ ৰাজ্য সভাৰ সাংসদ ৰঞ্জন গগৈৰ হাতত অৰ্পণ কৰে।প্ৰাক্তন ন্যায়াধীশ তথা সাংসদ গৰাকীৰ ঢেকীয়াখোৱা বৰনামঘৰৰ ভ্ৰমণ সূচীত যোৰহাট জিলাৰ উপায়ুক্ত অশোক কুমাৰ বৰ্মন, ৰাজ্য সভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা, টীয়ক ৰাজহ চক্ৰ বিষয়া শৌভিক ভূঞাৰ লগতে যোৰহাট জিলা প্ৰশাসনৰ কেইবাজনো বিষয়াই বিশেষ ভাবে সংগ প্ৰদান কৰে।

Leave A Reply

Your email address will not be published.