Breaking

সণকোষ নৈৰ ভয়ংকৰ গৰাখহনীয়াই কাল ৰূপ ধাৰণ কৰিছে …

0 59

গৰাখহনীয়াই নিশ্চিহ্ন কৰাৰ উপক্ৰম ঘটিছে গোসাইগাঁও মহকুমাৰ অসম বংগ সীমান্তৰ জাৰাগুৰী পিজিআৰ গাওঁ। সণকোষ নৈৰ গৰখহনীয়াই কালৰূপ ধাৰণ কৰি চপৰা-চপৰে মাটি খহাই থকাত জাৰাগুৰী অঞ্চলৰ মানুহে আশংকাত দিন কটাব লগা হৈছে। বাৰিষা অহাৰ লগে লগে ক্ৰমে বৃদ্ধি পাই আহিছে গৰাখহনীয়াৰ ভয়ংকৰ ৰূপ। গৰাখহনীয়াৰ কবলত এতিয়া শ-শ কৃষিভূমি।


ইতিমধ্যে ৰাইজে বিভাগীয় কৰ্তৃপক্ষক এই সন্দৰ্ভত অৱগত কৰিছে যদিও স্থানীয় ৰাইজৰ গুৰুতৰ অভিযোগ এই যে কেৱল ফটো তুলিয়েই দায়িত্ব সামৰে বিভাগীয় বিষয়াই । বিগত বৰ্ষতো এনে সময়ছোৱাত কেৱল ফটো তুলিয়েই দায়িত্ব সামৰি থৈছিল বুলি ক্ষোভ প্ৰকাশ কৰে স্থানীয় ভুক্তভোগী ৰাইজে।

কিন্তু এটা কথা নিশ্চিত, যদি সময় থাকোঁতেই বিভাগীয় কৰ্তৃপক্ষৰ লগতে প্ৰশাসন তথা ৰাজ্য চৰকাৰে ব্যৱস্থা গ্ৰহণ নকৰে তেতিয়া সমগ্ৰ জাৰাগুৰীৰ গাওবাসীযে বানপানী আৰু খহনীয়াৰ কৱলত পৰিব সেইয়া নিশ্চিত হৈ পৰিছে।উল্লেখনীয় বিষয় যে ৩০০ৰো অধিক পৰিয়ালৰ সুৰুক্ষা দিবলৈ বিটি আৰ তথা অসম চৰকাৰক আহ্বান জনাইছে সচেতন মহলে। এতিয়া আমাৰ বাতৰি দেখাৰ পিছত অসম চৰকাৰৰ গা-লৰিবনে সেয়া হ’ল লাখ টকীয়া প্ৰশ্ন।

গোসাইগাঁওৰ পৰা আজিজুল হকৰ প্ৰতিবেদন

Leave A Reply

Your email address will not be published.