Breaking

নগাঁও যুৱ সংঘৰ ফুটবল প্ৰতিযোগিতাৰ সফল সামৰণিঃ চূড়ান্ত খেলত গা-ডাঙৰচুক এফ চিৰ জয়…

0 87

ধেমাজি জিলাৰ গোগামুখৰ আগশাৰীৰ ক্লাব গোগামুখ ন গাওঁ যুৱ সংঘৰ উদ্যোগত অনুষ্ঠিত হোৱা প্ৰয়াত সুৰেন্দ্র নাথ শইকীয়া, ভদ্ৰেশ্বৰী গগৈ, ধনবৰ দত্তৰ সোঁৱৰণত অনুষ্ঠিত চলন্ত ট্ৰফী আৰু প্ৰাইজমানি ফুটবল প্ৰতিযোগিতাৰ কালি সফল সামৰণি পৰিছে ৷

কালি হাজাৰ হাজাৰ ফুটবল প্ৰেমীৰ উপস্থিতিত অনুষ্ঠিত চূড়ান্ত খেলত গাডাঙৰচুক এফ চিয়ে মাজুলী কাৰ্‌চাং এফ চিক ২-০ গলৰ ব্যৱধানত পৰাস্ত কৰি বিজয়ৰ খিতাপ অৰ্জন কৰে । কালিৰ খেলখন পৰিচালনা কৰে মনিৰাম পেগু, মহানন্দ মিলি, ভূৱন পেগু, কিৰণ কুলি আৰু জিন্টু ফুকনে ৷ খেলখন উদ্বোধন কৰে সোৱণশিৰি মহাবিদ্যালয়ৰ অধ্যক্ষ ড° ৰূপেশ্বৰ চেতিয়াই ৷

খেলৰ অন্তত পুৰস্কাৰ বিতৰণি সভা অনুষ্ঠিত হয় ৷ অনুষ্ঠানত উপস্থিত থাকে গোগামুখ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সাৰংগ সিদ্ধ গগৈ, কোষেশ্বৰ নাথ, গোগামুখৰ সমাজ কৰ্মী জিতু বৰা, কল্যান গগৈ, সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক দীপক বৰগোঁহাই, গোগামুখ এন চি ডি মহাবিদ্যালয়ৰ অধ্যক্ষ ড° সুৰজিৎ দলে, গোগামুখ নগৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক দন্দেশ্বৰ বুঢ়াগোহাঁই আদিয়ে ।

খেলখন অনুষ্ঠিত কৰাত সহায়-সহযোগিতা আগবঢ়োৱা প্ৰতি গৰাকী ব্যক্তিলৈ গোগামুখ নগাঁও যুৱ সংঘৰ সভাপতি প্ৰাঞ্জল বৰা আৰু সম্পাদক হেমন্ত বৰাৰ লগতে খেল পৰিচালনা সমিতিৰ সভাপতি ৰাজেন শইকীয়া, কাৰ্যকৰী সভাপতি সদানন্দ দাস, সম্পাদক ঋতুপৰ্ণ কোঁছে ধন্যবাদ জ্ঞাপন কৰে।

Leave A Reply

Your email address will not be published.