Breaking

বৰপেটা সমীপৰ বালাভিঠা মুন ষ্টাৰ গ্ৰামীণ ছোছাইটিৰ উদ্দোগত স্বাধীনতা দিৱসৰ সংগতি ৰাখি প্ৰথম বাৰ্ষিক অধিৱেশন…

0 144

বৰপেটা সমীপৰ বালাভিঠা মুন ষ্টাৰ গ্ৰামীণ ছোছাইটিৰ উদ্দোগত স্বাধীনতা দিৱসৰ সংগতি ৰাখি প্ৰথম বাৰ্ষিক অধিৱেশন । বালাভিঠা মুন ষ্টাৰ গ্ৰামীণ ছোছাইটিৰ দুদিনীয়া কাৰ্য্যসূচীৰে দ্বিতীয় দিনটোত প্ৰাক্তন সভাপতি জাকিৰ হুছেইন চৌধুৰীৰ সভাপতিত্বত বটা-বিতৰণী ও মুকলি সভা অনুষ্ঠানৰ লগতে সম্ভৰ্ধনা জনায় ।

অনুষ্ঠানত উপস্থিত থাকে ৫নং কোকৰাঝাৰ লোকসভাৰ সাংসদ নৱ কুমাৰ শৰণীয়া কলহভাঙা পঞ্চায়তৰ সভাপতি আবু তাহেৰ বৰপেটা জিলা আমছুৰ সভাপতি জব্বৰ আলী প্ৰমুখ্যে সমাজকৰ্মী । কলহভাঙা পঞ্চায়তৰ বিভিন্ন সমস্যা বেকী নদীৰ গৰিখহনীয়া ৰাস্তা-ঘাট আদি বিষয় লৈ বালাভিঠা মুন ষ্টাৰ গ্ৰামীণ ছোছাইটিৰ তৰফৰ পৰা সাংসদ নৱ কুমাৰ শৰণীয়া হাতত এটি স্মাৰক পত্ৰ অৰ্পণ কৰে ।

সাংসদ গৰাকীয়ে ৰাইজক আশ্বাস দিয়ে বেকী নদীৰ গৰাখহনীয়া ৰাস্তা-ঘাট বিদ্যালয়ৰ আন্তগাথনি উন্নিতকৰণৰ সমস্যা অতি শীঘ্ৰে হাতত লব বুলি উল্লেখ কৰে । ইপিনে খাদ্য সামগ্ৰীৰ লগতে গাখীৰতো জি এছ টি লগোৱাত মূল্য বৃদ্ধিয়ে আকাশলংগী কৰিছে । বিহাৰৰ ৰাজনীতি পৰা বিজেপি চৰকাৰে শিক্ষা লওক বুলি উল্লেখ কৰে । বিজেপি চৰকাৰ পতন হোৱাটো নিশ্চিত ।

Leave A Reply

Your email address will not be published.