Breaking

নলবাৰীত উপস্থিত ৰাজ্যপাল প্ৰফেছৰ জগদীশ মুখী।নলবাৰীৰ জৱাহৰ নৱোদয় বিদ্যালয় পৰিদৰ্শনৰ লগতে ঐতিহ্যমণ্ডিত বিল্বেশ্বৰ দেৱালয় দৰ্শন

0 1,631

আজি নলবাৰীত উপস্থিত হয় ৰাজ্যপাল প্ৰফেছৰ জগদীশ মুখী।প্ৰথমতে নলবাৰীৰ জৱাহৰ নবোদয় বিদ্যালয়ত উপস্থিত ৰাজ্যপাল জগদীশ মুখী।জৱাহৰ নবোদয় বিদ্যালয়ত উপস্থিত হৈ ৰাজ্যপাল জগদীশ মুখীয়ে জৱাহৰ নবোদয় বিদ্যালয়ে আয়োজন কৰা ছাত্ৰ ছাত্ৰীৰ এক বিশেষ অনুস্থানত অংশ গ্ৰহণ কৰি ভাষণ প্ৰদান কৰে।ভাষণ প্ৰসংগত ছাত্ৰ ছাত্ৰীক উদ্দেশ্য কৰি ৰাজ্যপাল জগদীশ মুখীয়ে কয় যে প্ৰবল ইচ্ছাশক্তিয়ে লক্ষ্যপ্ৰাপ্তিৰ মুল ভেটি গঢ়ে আৰু কঠোৰ পৰিশ্ৰম হৈছে লক্ষ্য প্ৰাপ্তিৰ মুল আধাৰ”।ছাত্ৰ ছাত্ৰী সকলে যি কামেই নকৰক সেই কাম কৰোতে সদায় দেশৰ স্বাৰ্থ আগত ৰাখিব লাগিব বুলিও মন্তব্য কৰে ৰাজ্যপাল জগদীশ মুখীয়ে।

ইপিনে সংবাদ মাধ্যমৰ আগত মন্তব্য প্ৰকাশ কৰি ৰাজ্যপাল জগদীশ মুখীয়ে কয় যে নতুন শিক্ষানীতিয়ে দেশৰ শৈক্ষিক পৰিৱেশৰ আমুল পৰিবৰ্তন সাধন কৰিব। শৈক্ষিক নীতিৰ সঠিক প্ৰয়োগ নোহোৱাৰ বাবেই বিশ্বৰ আগশাৰীৰ বিশ্ববিদ্যালয়ৰ লগত ফেৰ মাৰিব পৰা নাই দেশৰ বিশ্ববিদ্যালয়ে বুলিও মন্তব্য কৰে ৰাজ্যপাল জগদীশ মুখীয়ে।১৯৯৪ চনত নলবাৰীত স্থাপন কৰা জৱাহৰ নবোদয় বিদ্যালয়ৰ শ্ৰেণীকোঠাকে ধৰি বিদ্যালয় চৌহদ পৰিদৰ্শন কৰে।ইয়াৰ পিছতেই অসমৰ ৰাজ্যপাল আচাৰ্য জগদীশ মুখীয়ে নলবাৰীৰ ঐতিহাসিক বিল্বেশ্বৰ দেৱালয়ত উপস্থিত হৈ দেৱালয় দৰ্শন কৰে।

Leave A Reply

Your email address will not be published.