Breaking

গৌৰীপুৰৰ দেবীতোলাত শ্ৰীকৃষ্ণৰ জন্মাষ্ঠমী পালন

0 1,548

সমগ্ৰ দেশৰ লগতে গৌৰীপুৰৰ দেৱীতোলাত দুদিনীয়া কাৰ্যসূচীৰে পালন কৰে ভগৱান শ্ৰীকৃষ্ণৰ জন্মাষ্ঠমী । দেবীতোলা আঞ্চলিক শ্ৰীমন্ত শংকৰদেৱ সংঘ, গোবিন্দ ভৱন আৰু গীতা সত্ৰত পালিত হয় এই উৎসৱ। আজি ভাদ মাহৰ দুই তাৰিখ । ভগাৱান শ্ৰীকৃষ্ণৰ জন্মাষ্ঠমীৰ লগত সংগতি ৰাখি জন্ম উৎসৱ আৰু নন্দ উৎসৱৰে দুদিনীয়া কাৰ্যসূচী হাতত লৈছে ভক্তপ্ৰাণ ৰাইজে ।

প্ৰথম দিনা নামপ্ৰসংঘ, মহাভাগৱত পাঠ, দুপুৰীয়া ভক্তপ্ৰাণ ৰাইজৰ মাজত চাহ জলপান আৰু সন্ধিয়া বন্তিপ্ৰজ্জলন নামৰ্কীতন । পিছদিনা শিশু সমাৰোহ আৰু হৰণ শিবিৰ পালন কৰিব বুলি উদ্যোগতা সকলে জানিবলৈ দিয়ে।

Leave A Reply

Your email address will not be published.