Breaking

“জগতগুৰু শ্ৰীমন্ত শঙ্কৰদেৱ নামঘৰ”ত দিনযোৰা কাৰ্যসূচীৰে জন্মাষ্টমীৰ আয়োজন। অৰ্ধ সহস্ৰাধিক আৰক্ষী জোৱান আৰু স্হানীয় আইমাতৃ সকলে একেলগে ল’লে নাম

0 1,571

অসম অৰুণাচল সীমান্তৰ চিলাপথাৰ লিকাবালিস্হিত ২২ নং অসম আৰক্ষী বেটেলিয়নৰ প্ৰায় অৰ্ধ সহ্ৰস্বাধিক জোৱান আৰু স্হানীয় আইমাতৃ সকলে আৰক্ষী বাহিনীৰ চৌহদত বাহিনীৰ অধিনায়ক মোছলেহ উদ্দিন আহমেদে আটকধুনীয়া নিৰ্মাণ কৰা জগতগুৰু শ্ৰীমন্ত শঙ্কৰদেৱ নামঘৰ ভাগিত জন্মাষ্টমী উপলক্ষে একেলগে পৰিবেশন কৰিলে নাম।

বেটেলিয়ানৰ অধিনায়ক মোছলেহ উদ্দিন আহমেদে নামত ভাগ লৈ আনন্দিত হোৱাৰ কথা প্ৰকাশ কৰি সংবাদ মাধ্যমৰ আগত কয় কালিৰে পৰা নামঘৰত পবিত্ৰ ভাদ মাহৰ নাম-প্ৰসঙ্গ আৰম্ভ হৈছে আৰু সম্পূৰ্ণ এমাহ ধৰি আইমাতৃ সকলে এই নাম প্ৰসংগ কৰিব। গুৰু দুজনাৰ তিথি আৰু নামৰ সামৰণিত কিছু ব্যতিক্ৰমী অনুষ্ঠানৰ আয়োজন কৰা হ’ব।

অন্যহাতে চিলাপথাৰৰ প্ৰজ্ঞাজ্যোতি সংগীত মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকলৰ মাজত বিভিন্ন অনুষ্ঠানেৰে দিনজোৰা কাৰ্যসূচীৰে শ্ৰীকৃষ্ণৰ জন্মাষ্টমী আয়োজন কৰে ।

Leave A Reply

Your email address will not be published.