Breaking

চৰকাৰী আচঁনিয়ে ঢুকি নেপোৱা যতীন বৰা লৈ আগবঢ়াওক সহায়ৰ হাত…

0 134

চৰকাৰৰী আচঁনিয়ে ধুকি নেপোৱা এটা পৰিয়ালৰ জীয়া সংগ্ৰামৰ কৰুণ গাঁথা ।পশ্চিম ব্ৰহ্মপুত্ৰ গাওঁ পঞ্চায়তৰ অন্তৰ্গত পুৰণি মাটি ভকত গাঁওৰ নিৱাসী যতীন বৰাৰ পৰিয়ালটি আজিও বঞ্চিত চৰকাৰৰ উন্নয়ন মুখি আচঁনিৰ পৰা ৷চৰকাৰে উন্নয়নৰ কথা যিমানে নকওঁক কিয় প্রকিতাৰ্থত এনে ভিতৰুৱা অঞ্চলত আজিও চৰকাৰী আঁচনিৰ পৰা বঞ্চিত বহুতো পৰিয়াল তাৰে যেন উদাহৰণ এই পৰিয়ালটি।

খুমটাই সমষ্টিৰ পশ্চিম ব্ৰহ্মপুত্ৰ গাওঁ পঞ্চায়তৰ অন্তভুৰ্ক্ত পুৰনি মাটি ভকত গাওঁৰ এটি অতি দৰিদ্ৰ পৰিয়াল । একে ঘৰৰ দুজনকে বিকলাংগ ব্যক্তি থকাৰ পাছতো চৰকাৰী সুবিধাৰ পৰা বঞ্চিত পৰিয়ালটি ।

অৰুনোদয় আঁচনিৰ বাহিৰে চৰকাৰী সকলো সুবিধাৰ পৰা বঞ্চিত পৰিয়ালটি । বৰ্তমান বিজ্ঞানৰ উন্নতিৰ দিনটো পানী পৰা ঘৰত বাস কৰে পৰিয়ালটিয়ে ৷ এটি উৰুখা পজা জহি খহি গৈছে ।

দিনহাজিৰা কৰা ঘৰৰ মুৰব্বী যতীন বৰাই অতি কষ্টৰে শাৰীৰিক ভাৱে দুৰ্বল দুই ভাতৃক বৰ্তমানলৈকে খোৱাই পিন্ধাই ৰাখিছে । চৰকাৰী ভাৱে ঘৰটোও পোৱা নাই দুৰ্ভগীয়া পৰিয়ালটোৱে । ভাতৃ মুনু বৰাৰ দেহৰ মাংস জহি ,গেলি গৈছে এক হৃদয় বিদাৰক দৃশ্য ।

তথাপিও কিন্তু পঞ্চায়ত প্ৰতিনিধি, চৰকাৰৰ চকুত আজিও নপৰিল। আৰ্থিক ভাৱে জুৰুলা হৈ পৰা পৰিয়ালটোৱে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ,স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্ত আৰু স্হানীয় বিধায়ক মৃনাল শইকীয়াক তেওঁলোকৰ পৰিয়ালটোক চকু মেলি চাবলৈ অনুৰোধ জনাইছে । লগতে দুয়ো ভাতৃৰ বাবে উন্নত চিকিৎসাৰো দাবী কৰিছে ৷

ৰঙামাটি ৰ পৰা দিব্য জ্যোতি কাকতিৰ প্ৰতিবেদন

Leave A Reply

Your email address will not be published.