Breaking

জাতীয় সাজ পৰিধান নকৰাকৈ গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা থানৰ কীৰ্ত্তনঘৰত প্ৰবেশ কৰিলে সমষ্টি(কলিয়াবৰ) টোৰে সাংসদ গৌৰৱ গগৈয়ে। সত্ৰাধিকাৰকে প্ৰমুখ্য কৰি বিভিন্নজনৰ প্ৰতিক্ৰিয়া…

0 1,584

জাতীয় সাজ পৰিধান নকৰাকৈ গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা থানৰ কীৰ্ত্তনঘৰত প্ৰবেশ কৰিলে সমষ্টি(কলিয়াবৰ) টোৰে সাংসদ গৌৰৱ গগৈয়ে। ভগৱান শ্ৰীকৃষ্ণৰ জন্মাষ্টমী উপলক্ষে বটদ্ৰৱা থানৰ কীৰ্ত্তনঘৰত পৰম্পৰাগত নামপ্ৰসংগ চলি আছিল। দুপৰীয়া দূৰদূৰণিৰ তীৰ্থযাত্ৰী সকলে জাতীয় সাজ পৰিধান কৰি নামকীৰ্তনত অংশ গ্ৰহণ কৰিছিল। সেই সময়তে সাংসদ গৌৰৱ গগৈয়ে ৰাজনৈতিক নেতাই পৰিধান কৰা কূৰ্তা পায়জামা পিন্ধিয়েই পোনে পোনেই কীৰ্ত্তনঘৰত প্ৰবেশ কৰি নামকীৰ্তনত অংশ গ্ৰহণ কৰে। সমগ্ৰ অসমীয়া সমাজে জানে, জাতীয় সাজ পৰিধান নকৰাকৈ বটদ্ৰৱা থানত প্ৰবেশ কৰা নিষিদ্ধ আছে। ইফালে কীৰ্ত্তনঘৰৰ প্ৰবেশদ্বাৰত লিখা আছে “জাতীয় সাজ পৰিধান কৰিহে থানৰ ভিতৰত প্ৰবেশ কৰিব”। তাৰ পাছতো অসমীয়া জাতিৰ আবেগক ভৰিৰে মোহাৰি সাংসদ গৰাকীয়ে কৰা আচৰনে বটদ্ৰৱা সমষ্টিত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছ। সাংসদ গৰাকীৰ এনে আচৰনৰ বিষয়ে অৱগত হৈ বটদ্ৰৱা নৰোৱা সত্ৰৰ সত্ৰাধিকাৰ দেৱানন্দ দেৱ গোস্বামীয়ে।


“জাতীয় সংস্কৃতি ৰক্ষা কৰি জাতীয় সত্বা ৰক্ষা বটদ্ৰৱা থানৰ কীৰ্তনঘৰকে আদি কৰি বিভিন্ন ধৰ্মীয় পবিত্ৰ স্থান সমূহত তীৰ্থযাত্রী, দৰ্শনাৰ্থীক প্ৰবেশৰ বাবে বটদ্ৰৱা থান পৰিচালনা সমিতিয়ে অনুৰোধ জনাইছিল। সেই মৰ্মে বহু বছৰ ধৰি ৰাজ্য-বহিঃৰাজ্যৰ আনকি বিদেশী পৰ্যটকো বটদ্ৰৱা থানলৈ জাতীয় সাজ পৰিধান কৰি আহি জাতীয় সংস্কৃতি ৰক্ষা কৰি আহিছে। কিন্তু আজি দুৰ্ভাগ্যজনক ভাবে সদ গৌৰৱ গগৈয়ে কূৰ্তা পায়জামা পিন্ধি কীৰ্তনঘৰত প্ৰবেশ কৰি, নামকীৰ্ত্তন অংশ গ্ৰহণ কৰিলে আমি আচৰিত। আনকি সাংসদ গৰাকীয়ে বিগত দিনত বৰদোৱাৰ সন্মান অসমীয়া জাতিৰ ঐতিহ্য বহন কৰি জাতীয় সাজ পোচাক পৰিধান কৰি কীৰ্তনঘৰত নামকীৰ্ত্তন কৰি প্ৰসাদ গ্ৰহণ কৰিছিল। কিন্তু আজি সেই সকলো জলাঞ্জলি দি, কিয় তেনেকুৱা কৰিলে? তেওঁৰ এই বাৰ্তা বাবে আমি সমস্যাত পৰিম।” ইয়াৰোপৰি বটদ্ৰৱাৰ কেইবাগৰাকী সচেতন ব্যক্তিয়ে সাংসদ গৰাকীৰ আচৰনত সমালোচনা কৰিছে। উল্লেখ্য যে, সাংসদ গৌৰৱ গগৈৰ বটদ্ৰৱা থানৰ কীৰ্তনঘৰত প্ৰবেশৰ সময়ত বটদ্ৰৱা বিধান সভা সমষ্টিৰ বিধায়িকা শিৱামনি বৰাকে প্ৰমুখ্য কৰি কেইবাগৰাকী স্থানীয় লোকে সংগ প্ৰদান কৰিছিল।

Leave A Reply

Your email address will not be published.