Breaking

কলংপাৰ বিদ্যাপীঠৰ ২৭ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন

0 1,755

“অসমত যেতিয়া কনিষ্ঠ মহাবিদ্যালয়ৰ যাত্ৰা প্ৰথম আৰম্ভ হৈছিল, তেতিয়াই নগাঁৱত কলংপাৰ বিদ্যাপীঠ প্ৰতিষ্ঠা হৈছিল । আদৰ্শগত শিক্ষা প্ৰবৰ্তনৰ লক্ষ্যৰে নগাঁৱৰ বৌদ্ধিক সমাজখনে এই বিদ্যাপীঠখন স্থাপন কৰিছিল । আজিও সেই লক্ষ্য -উদ্দেশ্যৰ পৰা ফালৰি কাটি অহা নাই কলংপাৰ বিদ্যাপীঠে । সেয়েহে কলংপাৰ বিদ্যাপীঠৰ বহু ছাত্ৰ-ছাত্ৰী আজি মানুহ হৈছে ।”— আজি এই মন্তব্য কলংপাৰ বিদ্যাপীঠৰ পৰিচালনা সমিতিৰ সভাপতি গিৰীন্দ্ৰকুমাৰ বৰুৱাৰ । প্ৰতিষ্ঠা দিৱসৰ পতাকা উত্তোলন কৰি প্ৰাক্তন অধ্যাপকজনে লগতে কয় — “আজি শিক্ষাও একাংশৰ কাৰণে ব্যৱসায়ৰ বিষয় হৈছে । এয়া শুভ লক্ষণ নহয় । কিন্তু কলংপাৰ বিদ্যাপীঠৰ শিক্ষকসকলে কেৱল সমাজসেৱাৰ মন লৈ প্ৰতিষ্ঠাৰ পৰি আজিলৈ ত্যাগৰ নিদৰ্শন দেখুৱাই আহিছে ।

শিক্ষকসকলৰ শ্ৰম আৰু ত্যাগৰ কাৰণেই কলংপাৰ বিদ্যাপীঠে সফলতাৰে গৌৰৱময় একুৰি ছয় বছৰ গৰকিবলৈ সক্ষম হৈছে।” বৰুৱাই ভাষণত শিক্ষকসকলক ধন্যৱাদ জনোৱাৰ লগতে কলংপাৰ বিদ্যাপীঠ প্ৰতিষ্ঠাত বৰঙণি আগবঢ়োৱা প্ৰতিজন ব্যক্তিকে সোঁৱৰণ কৰে। যুটীয়াভাৱে পতাকা উত্তোলন কৰা অধ্যক্ষ পদুম ৰাজখোৱাই ভাষণৰ আৰম্ভণিতে কলংপাৰ বিদ্যাপীঠৰ শৈক্ষিক দিশৰ গুৰুধৰোঁতা হৰেশ্বৰ গোস্বামী, অধ্যক্ষ প্ৰদীপ শইকীয়া,হৰেশ্বৰ বৰুৱা, হেমকান্ত শৰ্মাৰ উপৰি সমাজসেৱক প্ৰদীপ সিং, অজিত সিং আদি জন্মলগ্নৰ প্ৰতিষ্ঠাপকসকলক শ্ৰদ্ধাৰে স্মৰণ কৰে । প্ৰাক্তন অধ্যাপক ৰঞ্জন ভঁৰালী, বেংক বিষয়া ৰূপক দাস, শিল্পী ৰঞ্জন বেজবৰুৱা, শিল্পী নিতুমণি বৰা হাজৰিকা, প্ৰাক্তন প্ৰধান শিক্ষক যতীন্দ্ৰনাথ সূত, চিকিৎসক বলীন শইকীয়া, কলংপাৰ কাকতৰ সম্পাদক গুৰমাইল সিং, সমাজসেৱক কৃষ্ণ ভূঞা, চাও ৰত্নেশ্বৰ গগৈ আদি বহু বিশিষ্ট নগঞা উপস্থিত থকা অনুষ্ঠানত অসম সাহিত্য সভাৰ প্ৰাক্তন প্ৰধান সম্পাদক ৰাজখোৱাই কয়– প্ৰকৃত শিক্ষকৰ জীৱন হ’ল ত্যাগৰ জীৱন । যুগ যুগ ধৰি তেওঁলোকে জ্ঞান বিলাই আহিছে আৰু মানুহ গঢ়িবৰ কাৰণে জীৱন উৎসৰ্গা কৰিছে। সেইসকল শিক্ষকেই সুস্থ সমাজ গঠন কৰে বুলি উল্লেখ কৰি ৰাজখোৱাই কলংপাৰ বিদ্যাপীঠৰ শিক্ষকসমাজেও মানুহ গঢ়াৰ কামত সদায় ব্ৰতী হৈ আছে বুলি মন্তব্য দিয়ে। মোবাইল ফোনৰ অপব্যৱহাৰে আজিৰ বহু ছাত্ৰ-ছাত্ৰীৰ জীৱন বিপন্ন কৰিছে বুলি উল্লেখ কৰি ৰাজখোৱাই ছাত্ৰ-ছাত্ৰীসকলক নেতিবাচক কাম-কাজৰ পৰা আঁতৰত থাকি মানুহ হোৱাৰ মন্ত্ৰক প্ৰথম স্থান দিবলৈ আহ্বান জনায় । কলংপাৰ বিদ্যাপীঠৰ কেইবা শতাধিক ছাত্ৰ-ছাত্ৰী উপস্থিত থকা অনুষ্ঠানত স্মৃতি তৰ্পণ কৰে বিশিষ্ট শিক্ষাবিদ,প্ৰাক্তন অধ্যক্ষ ৰত্নকান্ত দেৱনাথ আৰু বিশিষ্ট সমাজসেৱক তৰুণচন্দ্ৰ বৰদলৈয়ে । দুয়োগৰাকী তৰ্পকে বন্তি প্ৰজ্বলন কৰি‌ কলংপাৰ বিদ্যাপীঠৰ পৰলোকগামী প্ৰতিষ্ঠাপকসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ।

পুষ্পাঞ্জলি তৰ্পণ কৰে ধিং মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ড° শৰৎ দত্ত, নগাঁও মহাবিদ্যালয়ৰ প্ৰাক্তন উপাধ্যক্ষ তথা কলংপাৰ বিদ্যাপীঠৰ প্ৰাক্তন অধ্যক্ষ বিপুল কটকী, প্ৰাক্তন অধ্যক্ষ অমৰজিৎ গোস্বামী আৰু বিশিষ্ট সমাজসেৱক দেৱেন্দ্ৰ সিং সেহমিয়ে । শিল্পী ৰঞ্জন বেজবৰুৱা আৰু শিক্ষক ৰুণামণি কলিতাৰ পৰিচালনাত ডেৰকুৰি ছাত্ৰ-ছাত্ৰীয়ে পৰিৱেশন কৰা বিদ্যাপীঠ সংগীতেৰে আৰম্ভণি অনুষ্ঠান সম্পন্ন হোৱাৰ পিছতে শতাধিক অভিভাৱকৰ উপস্থিতিত অধ্যক্ষ পদুম ৰাজখোৱাৰ সঞ্চালনাত অভিভাৱক সভা অনুষ্ঠিত হয়। জ্যেষ্ঠ শিক্ষক অমৰজি গোস্বামী, বিজয় বসুমতাৰী, সুৰজিৎ দেৱনাথ আৰু আব্দুল ৱাহিদে সভাত সাম্প্ৰতিক সমাজ আৰু পৰিৱেশত ছাত্ৰৰ জীৱন গঢ়াত অভিভাৱকৰ ভূমিকা সন্দৰ্ভত বক্তৃতা প্ৰদান কৰে । অধ্যয়নস্পৃহা আৰু কৰ্তব্যনিষ্ঠাইহে ছাত্ৰ-ছাত্ৰীৰ জীৱন পথ সোণোৱালী কৰিব পাৰে– এই শীৰ্ষক বক্তৃতা প্ৰদান কৰে শিক্ষক ফুনুমণি বৰা, ইন্দ্ৰমোহন বৰা আৰু অতুলচন্দ্ৰ বৰুৱাই । সভাত ইভা মহন্ত, তাহমিনাৰা বেগম, বিক্ৰমজিৎ দাস, চেনেহী বৰা আদি কেইবাগৰাকী অভিভাৱকেও মনৰ অনুভৱ ব্যক্ত কৰি বিভিন্ন শৈক্ষিক পৰামৰ্শ আগবঢ়ায় ।

সান্ধ্য আলোক আৰু বন্তি প্ৰজ্বলনেৰে প্ৰতিষ্ঠা দিৱসৰ প্ৰথম দিনাৰ কাৰ্যসূচীৰ সামৰণি পৰে । অধ্যক্ষৰ পৰা জানিব পৰা মতে, প্ৰতিষ্ঠা দিৱস আৰু ৰূপালী জয়ন্তী সামৰণি অনুষ্ঠানৰ মুকলি সভা, সাংস্কৃতিক অনুষ্ঠান আৰু ন-পুৰণি ছাত্ৰ-ছাত্ৰীৰ সতীৰ্থ সন্মিলন ছেপ্তেম্বৰ মাহৰ প্ৰথম পষেকত অনুষ্ঠিত‌ হ’ব । বিদ্যাপীঠ কৰ্তৃপক্ষই উক্ত অনুষ্ঠানসমূহত সমূহ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰে উপস্থিতি আশা কৰিছে ।

Leave A Reply

Your email address will not be published.