Breaking

দক্ষিণ কামৰূপৰ উপৰহালীস্হিত শ্ৰী শ্ৰী ভাঙাৰা গোপাল গোঁসাই মন্দিৰৰ নৱ নিৰ্মাণ কাৰ্যৰ শুভ উদ্ধোধনী অনুষ্ঠান

0 1,601

দক্ষিণ কামৰূপৰ পলাশবাৰী সমষ্টিৰ উপৰহালী স্হিত”শ্ৰী শ্ৰী ভাঙাৰা গোপাল গোঁসাই মন্দিৰৰ নৱ নিৰ্মাণ কাৰ্য”ৰ শুভ উন্মোচণী অনুষ্ঠান ৰবিবাৰে দিনযোৰা কাৰ্যসূচীৰে মন্দিৰ প্ৰাংগণত আনুষ্ঠানিক ভাবে অনুষ্ঠিত হৈ যায়।এই অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে অসমৰ সন্মানীয় মূখ্যমন্ত্ৰী ড:হিমন্তবিশ্ব শৰ্মাৰ লক্ষ্মীস্বৰূপা সহধৰ্মীনী তথা প্ৰাইড ইষ্ট এণ্টাৰটেইনমেন্ট প্ৰাইভেট লিমিটেডৰ সঞ্চালিকা ৰিণিকী ভূঞা শৰ্মা।

সঞ্চালিকা নৱনিৰ্মাণ ফলকৰ পৰ্দা আঁতৰাই ,নাৰিকল ভাঙি উৰুলি-জোকাৰৰ মাজেৰে অনুষ্ঠানৰ শুভাৰম্ভণি কৰে।ইয়াৰ আগতে মন্দিৰত অনুষ্ঠিত হোমাগ্নি অনুষ্ঠানত ও সঞ্চালিকা গৰাকীয়ে ভাগ লৈ ভগৱান কৃষ্ণৰ ওচৰত ৰাইজৰ মংগলৰ হ’কে প্ৰাৰ্থনা জনায়।তাৰ পিছতে ৰাজহুৱা খেলপথাৰত অনুষ্ঠিত এখন মুকলি সভাত ভাগ লৈ মন্দিৰ নিৰ্মাণ কাৰ্যঅত শেষ পৰ্য্যন্ত সহযোগ আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি দিয়ে।ইফাল সভাৰ লগত সংগতি ৰাখি কেইবাটাও সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰে উদ্দোগক্তাসকলে।

ৰাইজ গয়ৰহৰ সভাপতি অজিত চন্দ্ৰ ঠাকুৰীয়াৰ সভাপতিত্বত অনুষ্ঠিত সভাত সমষ্টিৰ বিধায়ক হেমাঙ্গ ঠাকুৰীয়া, বিশিষ্ট সমাজকৰ্মী অনিল দাস, মনমোহন ঠাকুৰীয়া,বিজেপি কিষান মৰ্চাৰ ৰঞ্জিত ভট্ট, ৰাইজ গয়ৰহৰ সম্পাদক পৱিত্ৰ কুমাৰ ঠাকুৰীয়াৰ লগতে বহু সংখ্যক ভক্ত প্ৰাণ ৰাইজ উপস্হিত থাকে।

Leave A Reply

Your email address will not be published.