Breaking

মইনবড়ীৰ জয়পুৰত ৰাইজৰ নিজাববীয়াকৈ নদীৰ গঢ়াখহনীয়া প্ৰতিৰোধৰ চেষ্টা

0 1,322

বৰপেটা জিলাৰ কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত মইনবড়ীৰ জয়পুৰ,ছিকাটাৰী,কিসমত মইনবড়ী হালধীয়াপাৰা আৰু তাৰাকান্ধী অঞ্চলৰ ৰাইজে যোৱা ১৪ আগষ্টত তিনিটা উপ-সমিতিক লৈ ৩০০ জনীয়া ৰাইজক লৈ হবিবৰ ৰহমানক মূল কমিটীৰ সভাপতি দি এখন কমিটী গঠন কৰি, বৃহত্তৰ সংখ্যালঘূ বসতি জয়পুৰ ছিকাটাৰী , মইনবড়ী আৰু তাৰাকান্ধী গাওঁ পঞ্চায়তত হৈ থকা ব্ৰহ্মপুত্ৰ-বেকী নদীৰ গঢ়াখহনীয়া সমস্যাৰ সমাধান বাবে ৰাইজে নিজাববীয়াকৈ প্ৰচেষ্টা হাতত লৈ আজি অঞ্চলটোৰ শতাধিক ৰাইজে বজাৰৰ পৰা টকা পইচা,ৰছী,সুতলী তুলি, নিজৰ নিজৰ ঘৰৰ পদুলিৰ পৰা ডাঙৰ ডাঙৰ গছ-গছনি কাটি আনি নদীৰ বুকুত ৰছীৰে বান্ধি ঘহনীয়া ৰোধৰ চেষ্টা কৰি আছে।

কেইদিনমান আগতে কলগাছিয়া ৰাজহ চক্ৰ বিষয়া, বৰপেটা জিলা উপায়ুক্ত আয়ুষ গাৰ্গ,অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী ডঃৰণজ পেগুই গঢ়াখহনীয়া অঞ্চলটোত পদাৰ্পন কৰি গঢ়াখহনীয়া সমস্যাটো স্থায়ী সমাধানৰ বাবে আশ্বাস দিছিল।ইতিমধ্যে ব্ৰহ্মপুত্ৰ-বেকী নদীয়ে প্ৰায় ২০০০ পৰিয়ালৰ ঘৰ-বাৰী উটুৱাই নিয়াৰ ওপৰিও কেইবাখনো বিদ্যালয় নদীত বিলীন হৈছে।কিসমত মইনবৰী,জয়পুৰ গাঁৱত বানপানী আৰু ঘৰাগহনীয়াৰ সময়ত ধ্বংস হোৱা ৬৮ টা পৰিয়ালক চৰকাৰে এককালিন সাহায্য প্ৰদান কৰিছে যদিও এক কথাত কবলৈ গলে লাট মণ্ডল,গাওঁবুঢ়া আৰু ৱাড মেম্বাৰ লগতেই পঞ্চাযত প্ৰতিনিধিৰ অমনোযোগীতাৰ ফলত এতিয়াও বহুতো পৰিয়ালে এই এককালিন সাহায্যৰ পৰা বাদ পৰি ৰোৱাৰ অভিযোগ।

স্থানীয় বিধায়ক প্ৰসাশন আৰু চৰকাৰে যাতে বাদপৰা পৰিয়াল কেইটাক এককালিন সাহায্য প্ৰদানৰ ব্যৱস্থা কৰে তাৰ বাবে অনুৰোধ জনাই,গঢ়াখহনীয়া প্ৰতিৰোধৰ বাবে প্ৰতিৰোধ কমিটিৰ তৰফৰ পৰা সহায়ৰ আহ্বান জনাইছে । চৰকাৰে গঢ়াখহনীয়া প্ৰতিৰোধৰ কি ব্যৱস্থা লয় সেয়া হ’ব লক্ষণীয়।

Leave A Reply

Your email address will not be published.