দলিতৰ ওপৰত আক্ৰমণ বৃদ্ধিঃ শিক্ষকৰ পানীৰ পাত্ৰ স্পৰ্শ কৰাৰ বাবে ছাত্ৰক হত্যা, ইউনিফৰ্ম নিপিন্ধা বাবে ছাত্ৰীক প্ৰহাৰ

দেশত পুনৰ দলিত তথা সংখ্যালঘু লোকৰ ওপৰত অত্যাচাৰ বৃদ্ধি পাইছে। অলপতে ৰাজস্থানত এজন দলিত সম্প্ৰদায়ৰ যুৱকক একাংশ লোকে আক্ৰমণ কৰি হত্যা কৰাৰ ঘটনাৰ প্ৰতিক্ৰিয়া মাৰ নৌযাওঁতেই উত্তৰ প্ৰদেশৰ ভদোহীত দলিত ছোৱালী এজনীৰ ওপৰত হোৱা মানসিক নিৰ্যাতনৰ ঘটনা পোহৰলৈ আহিছে।উত্তৰ প্ৰদেশৰ ভদোহীত এগৰাকী দলিত ছোৱালীয়ে গালি-গালাজৰ সন্মুখীন হোৱাৰ লগতে ইউনিফৰ্ম পৰিধান নকৰাৰ বাবে গাঁৱৰ প্ৰাক্তন মুৰব্বী এজনে তেওঁক মাৰপিট কৰি বিদ্যালয়ৰ পৰা বাহিৰ কৰি দিয়াৰ ঘটনা ঘটিছে। মঙলবাৰে সংঘটিত হৈছে এই ঘটনা। বিদ্যালয়লৈ ইউনিফৰ্ম পিন্ধি নোযোৱা বাবেই দলিত ছাত্ৰীগৰাকীক মনোজ কুমাৰ দুবে নামৰ প্ৰাক্তন গাঁও প্ৰধানজনে ছাত্ৰীগৰাকীক মাৰিট কৰি বিদ্যালয়ৰ পৰাখেদি পঠিয়ায়।অভিযোগ অনুসৰি দুবেই প্ৰতিদিনে বিদ্যালয়ত শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীক সৈতে দুৰ্ব্যৱহাৰ কৰি আহিছে।

দুবেই চৰকাৰী বিদ্যালয়ৰ ৮ম শ্ৰেণীৰ ছাত্ৰীগৰাকীক ইউনিফৰ্ম পৰিধান নকৰাৰ বিষয়ে প্ৰশ্ন কৰে আৰু তেওঁক প্ৰহাৰ কৰে।চাউৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া গিৰিজা শংকৰ যাদৱে প্ৰকাশ কৰা মতে তেওঁলোকে ঘটনাটোক গুৰুত্ব সহকাৰে লৈছে। ছোৱালীজনীৰ মাতৃৰ অভিযোগৰ ভিত্তিত অভিযুক্তজনৰ বিৰুদ্ধে আক্ৰমণ, ভাবুকি আৰু অনুসূচীত জাতি, জনজাতি (অত্যাচাৰ প্ৰতিৰোধ) আইনৰ অধীনত এটা গোচৰ ৰুজু কৰা হৈছে। যোৱা ২০ জুলাইত ৰাজস্থানৰ জালোৰত একে ধৰণৰ ঘটনা ঘটাৰ কথা পোহৰলৈ আহিছিল। এজন তৃতীয় শ্ৰেণীৰ ছাত্ৰই তেওঁৰ শিক্ষকৰ পানীৰ পাত্ৰ স্পৰ্শ কৰাৰ বাবে ছাত্ৰ জনক প্ৰহাৰ কৰাৰ পিছত তেওঁৰ মৃত্যু হৈছিল। ঘটনাটো জালোৰ জিলাৰ চুৰানা গাঁৱত সংঘটিত হৈছিল।আহত ছাত্ৰ জনক উদয়পুৰলৈ প্ৰেৰণ কৰা হৈছিল আৰি স্বাস্থ্যৰ উন্নতি নোহোৱাত তেওঁক কেইদিনমান পিছত আহমেদাবাদলৈ লৈ যোৱা হৈছিল যদিও তেওঁৰ মৃত্যু ঘটিছিল।

Related Articles