Breaking

ধৰ্মযুদ্ধঃ ‘যদি বিজেপিৰ ইডি আৰু চিবিআই আছে তেন্তে আমাৰ ওচৰত আছে…,’ -অৰবিন্দ কেজৰিৱাল

0 1,539

আপৰ মুৰব্বী অৰবিন্দ কেজৰিৱালৰ সৈতে বিজেপিৰ বাকযুদ্ধ অব্যাহত আছে। দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে দাবী আজি এইবুলি কয় যে তেওঁ সৰ্বশক্তিমান বিজেপিৰ সৈতে যুঁজ দি আছে আৰু ই এখন “মহাভাৰত”ৰ দৰে। য’ত শাসকীয় পক্ষৰ তদন্ত সংস্থা চিবিআই আৰু ইডিৰ দৰে “সৈন্যবাহিনী” আছে। আনহাতে তেওঁৰ দলৰ প্ৰতি “ভগৱান কৃষ্ণৰ সমৰ্থন” আছে বুলি কেজৰিৱালে কয়। কেজৰিৱালে বিজেপিক কৌৰৱৰ সৈতে তুলনা কয় যে বিজেপি হৈছে পৰাজিত খলনায়ক ।প্ৰাচীন হিন্দু মহাকাব্যৰ বিজয়ী নায়ক পাণ্ডৱসকল তেওঁৰ পক্ষ থকা বুলি কেজৰিৱালে মন্তব্য কৰে। কেজৰিৱালে নিৰ্বাচনমুখী গুজৰাটৰ চাবৰকান্থা জিলাৰ হিম্মতনগৰ চহৰৰ টাউন হল সভাত ভাষণ দি এই মন্তব্য কৰে৷ মুখ্যমন্ত্ৰী কেজৰিৱালে দাবী কৰে যে ভাৰতীয় জনতা পাৰ্টীৰ অপশাসনৰ বাবেই গুজৰাটে এতিয়া প্ৰকৃত পৰিৱৰ্তনৰ বাবে ব্যাকুল হৈ পৰিছে । ৰাজ্য খনত আপে জনসাধাৰণৰ পৰা যথেষ্ট সমৰ্থন লাভ কৰিছে৷ জনতাৰ সমৰ্থনত ভীতিগ্ৰস্ত হৈয়েই কেন্দ্ৰীয় অনুসন্ধান ব্যুৰো (চিবিআই)য়ে দিল্লী আবকাৰী নীতিৰ সন্দৰ্ভত উপ মুখ্যমন্ত্ৰী মনীষ চিছোদিয়াৰ ঘৰত অভিযান চলাইছিল বুলি কেজৰিৱালে কয়।


১৮ দিনীয়া যুদ্ধ আৰম্ভ হোৱাৰ আগতে দুৰ্যোধন (কৌৰৱৰ পক্ষৰ) আৰু অৰ্জুনে (পাণ্ডৱৰ পক্ষৰ) কেনেদৰে ভগৱান কৃষ্ণৰ ওচৰলৈ গৈছিল সেই কাহিনী বৰ্ণনা কৰি কেজৰিৱালে কয়, “এয়া মহাভাৰতৰ দৰে ধৰ্মযুদ্ধ।” অৰ্জুনে ভগৱান কৃষ্ণক তেওঁৰ পক্ষত বিচাৰিছিল, আনহাতে দুৰ্যোধনে তেওঁৰ সেনা বিচাৰিছিল। “আজি এই লোকসকলৰ (বিজেপি) সকলো সৈন্যবাহিনী, ক্ষমতা, চিবিআই, ইডি (প্ৰৱৰ্তন সঞ্চালকালয়), আয়কৰ, আৰক্ষী আৰু ধন আছে। আমাৰ লগত শ্ৰী কৃষ্ণ আছে। আমাৰ লগত ঈশ্বৰ আছে। আৰু শেষত ঈশ্বৰে জয়লাভ কৰিব। ঈশ্বৰ মানুহৰ হৃদয়ত বাস কৰে। তেওঁলোকে (বিজেপি) আমাক হাৰাশাস্তি কৰিব পাৰে, কিন্তু মানুহ আমাৰ সৈতে আছে,” কেজৰিৱালে দাবী কৰে যে দিল্লীত তেওঁৰ চৰকাৰে শিক্ষা আৰু স্বাস্থ্যসেৱাৰ ক্ষেত্ৰত সুদূৰপ্ৰসাৰী সংস্কাৰ কাৰ্যকৰী কৰিছে, যিবোৰ স্বাধীনতাৰ ৭৫ বছৰত হোৱা নাছিল। “এইকাৰণেই তেওঁলোকে মোৰ স্বাস্থ্য মন্ত্ৰীক (সত্যেন্দ্ৰ জৈন) দুমাহ আগতে মিছা গোচৰৰ ভিত্তিত কাৰাগাৰলৈ প্ৰেণ কৰিছে। গোচৰটো মিছা। যদি অভিযোগবোৰ সংছাহ’লহেঁতেন তেন্তে মই তেওঁক কেবিনেটৰ পৰা বাহিৰ কৰি দিলোহেঁতেন, যি কাম মই আন এজন মন্ত্ৰীৰ ক্ষেত্ৰত কৰিছিলো,”কেজৰিৱালে কয়।

কেজৰিৱালে কয় যে গুজৰাটত বিজেপি শাসনৰ ২৭ বছৰৰ পিছত পৰিৱৰ্তন বিচাৰে। তেওঁ লগতে কয় যে দিল্লীত আনকি ধনী লোকসকলেও চৰকাৰী চিকিৎসালয়ত চিকিৎসা লাভ কৰে আৰু তেওঁলোকৰ সন্তানে ব্যক্তিগত শিক্ষা প্ৰতিষ্ঠানৰ পৰা চৰকাৰী বিদ্যালয়ত যোগদান কৰিছে।তেওঁলোকে দিল্লীত কৰা কামত (স্বাস্থ্য খণ্ডত) বাধা দিবলৈ জৈনক গ্ৰেপ্তাৰ কৰিছিল। আমি দিল্লীত কাম বন্ধ হ’বলৈ নিদিওঁ। এইটো কেইদিনমানৰ বাবে বাধাগ্ৰস্ত হ’ব পাৰে, কিন্তু বন্ধ নহ’ব,” আপ নেতাজনে কয়।

Leave A Reply

Your email address will not be published.