Breaking

মানকাচৰৰ হাটশিঙিমাৰীৰ প্ৰেক্ষাগৃহত সমাজ কল্যাণ বিভাগৰ শিশুৰ পৰিপূৰক পুষ্টিকৰ খাদ্যৰ এদিনৰ প্ৰশিক্ষণ শিবিৰ

0 1,625

দক্ষিণ শালমাৰা মানকাচাৰ জিলাৰ সমাজ কল্যাণ বিভাগৰ মানকাচৰ জাংগাল সংহত শিশু উন্নয়ন প্ৰকল্প, ফেকামাৰী সংহত শিশু উন্নয়ন প্ৰকল্প আৰু দঃশালমাৰা সংহত শিশু উন্নয়ন প্ৰকল্পৰ বিভিন্ন স্তৰৰ বিষয়া কৰ্মচাৰী সকলক আজি হাটশিঙিমাৰী প্ৰেক্ষাগৃহত শিশুৰ পৰিপূৰক পুষ্টিকৰ খাদ্যৰ ওপৰত এদিনীয়া প্ৰশিক্ষণ শিবিৰ আৰম্ভ হয়। উক্ত প্ৰশিক্ষণ শিবিৰত উপস্থিত আছিল দক্ষিণ শালমাৰা মানকাচাৰ জিলাৰ অতিৰিক্ত উপায়ুক্ত বননি ইনাম শাদদাব , সমাজ কল্যাণ বিভাগৰ যুটীয়া সঞ্চালক, সহকাৰী আয়ুক্ত তথা ইনচাৰ্জ জিলা সমাজ কল্যাণ বিভাগৰ বিষয়া হিয়া মেধী আৰু ফেকামাৰী খণ্ড উন্নয়ন বিষয়া তুলসী ৰঞ্জন । পৰিপূৰক পুষ্টিকৰ খাদ্য প্ৰসাৰৰ প্ৰশিক্ষণ দিয়া বিষয়া কেইজন হল প্ৰাৰ্থনা সোণোৱাল Nutrition consultant SPMU psohan Abhiyaan Assam, অমৰিতা মজুমদাৰ Programme coordinator NCARE phoshan Abhiyaan, অন্জল বেজবৰুৱা Project Associate phoshan Abhiyaan Assam আৰু মহাম্মদ শাকিল ইকবাল শইকীয়া project associate SPMU phoshan Abhiyaan ।

প্ৰশিক্ষণ শিবিৰত কণ কণ ল ৰা ছোৱালী বোৰক কেনেকৈ বিকাশৰ বাবে পুষ্টি হীনতা দুৰ কৰিব পাৰি তাৰ ওপৰত প্ৰশিক্ষক বিষয়া বোৰ বিভিন্ন দিশত বিষদ ভাৱে আলোকপাত কৰে। শিশু সকলক পৰিপূৰক আহাৰ খুওৱাৰ খেএত পাচটা আঙুলিৰ নিয়ম প্ৰথম আঙুলি শিশুৰ খাদ্যত এক চাহ চামোচ তেল, ঘিউ অন্তৰ্ভুক্ত কৰিব কিয়নো তেল ঘিউয়ে খাদ্য শক্তিসমূদধ কৰি তোলাৰ লগতে খাদ্যৰ সোৱাদ উন্নত কৰে। দ্বিতীয় আঙুলি শিশুৰ বাবে দুটা বাচন ১ টা বাটি আৰু ১ খন চামোচ লব শিশুৰ যত্ন লোৱা বহু লোকে নিজে খাবলৈ লোৱা প্লেটখনৰ পৰাই শিশুক খুৱাই দিয়ে। খাদ্য মৰম চেনেহৰে খুৱা হয় কিন্তু এনে কৰিলে শিশুটোৱে কিমান খাদ্য খালে সেই কথা কেতিয়াও জানিব নোৱাৰি। তৃতীয় আঙুলি শিশুক অতি কমেও তিনিবাৰ খুৱাব। ইয়াৰ উপৰিও পুষ্টি হীনতা ভোগা শিশুৰ বাবে খেলৰ জৰিয়তে নিৰাময় তথা সংবেদী উদ্দীপনা বিষয়ে আলোচনা অসুস্থতাৰ সময়ত আৰু তাৰ পিছৰ পৰ্যায়ত ভোজন, সহানুভূতিশীল ভাবে খাদ্য খুওৱা আৰু অব্যাহতৰোপে স্থনপান কৰোৱাৰ গুৰুত্ব, পৰিপূৰক আহাৰ সমূহৰ পৰিমাণ আৰু ধাৰাবাহিকতা, সহানুভূতিশীল ভাবে খাদ্য খুওৱা, অসুস্থতাৰ সময়ত ভোজন আৰু সৰ্ব্বোতম বিকাশৰ বাবে সৰ্ব্বোতম ভোজন আদি। বিভাগে জনোৱা মতে ৰাতিপুৱা ১০ বজাৰ পৰা আৱেলি ৫ বজালৈ প্ৰশিক্ষণ শিবিৰ শেষ হয়।

Leave A Reply

Your email address will not be published.