Breaking

ডুবাইত প্ৰবাসী অসমীয়াৰে মত বিনিময় কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ

0 1,550

জমিৰ উদ্দিন তালুকদাৰ, ডবকা ২৪ আগষ্টঃ চৰকাৰী কাৰ্যসূচীৰে মধ্যপ্ৰাচ্যৰ দেশ ভ্ৰমণ কৰি থকা কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহন আৰু আয়ুষ বিভাগৰ মন্ত্ৰী সৰ্বানন্দ সোনোৱাল ২২ আগষ্টত গৈ উপস্থিত হয় আৰব ৰাষ্ট্ৰ ডুবাইত ৷ ডুবাইত মন্ত্ৰী গৰাকীয়ে সাক্ষাৎ কৰে তাতে কৰ্মৰত প্ৰবাসী অসমীয়াক ৷ তাজ ডুবাইত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ সভাত প্ৰবাসী অসমীয়াই কেন্দ্ৰীয় মন্ত্ৰী গৰাকীক উষ্ম আদৰণি জনোৱাৰ লগতে এক মত বিনিময় অনুষ্ঠানৰো আয়োজন কৰে৷

তাতে প্ৰবাসী অসমীয়াই অসমৰ বাট-পথ, যোগাযোগ, যাতায়াত, শিক্ষা, স্বাস্থ্য আদিৰ উন্নতিৰ বাবে মন্ত্ৰী গৰাকীক দাবী জনায়৷ ডুবাইত কৰ্মৰত প্ৰবাসী অসমীয়া ক্ষুদ্ৰ ব্যৱসায়ী তথা ডবকাৰ স্বেচ্ছাসেৱী সংগঠন ফাতিমা ৱেলফেয়াৰ ফাউণ্ডেছনৰ সঞ্চালক মোহাম্মদ আব্দুল জলিলেও কেন্দ্ৰীয় মন্ত্ৰী গৰাকীক আদৰণি জনোৱাৰ লগতে ডুবাই আৰু গুৱাহাটীৰ মাজত পোনপটীয়া বিমান চলাচলৰ দাবী জনায় ৷ প্ৰবাসী অসমীয়াই উত্থাপন কৰা দাবীবোৰ ক্ৰমান্বয়ে সমাধানৰ আশ্বাস দিয়ে কেন্দ্ৰীয় মন্ত্ৰী তথা অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে ৷

Leave A Reply

Your email address will not be published.