Breaking

গ্ৰন্থমেলাকলৈ অসম চৰকাৰৰ নতুন সিদ্ধান্ত৷ ৪ নম্বেৱৰ পৰা ধেমাজিত আৰম্ভ হ’ব অসম প্ৰকাশন পৰিষদৰ গন্থমেলা – শিক্ষা মন্ত্ৰী

0 1,587

অসম প্ৰকাশন পৰিষদৰ গ্ৰন্থমেলাক লৈ শিক্ষা বিভাগৰ নতুন সিদ্ধান্ত ৷ দীৰ্ঘদিনধৰি কেৱল গুৱাহাটীৰ চান্দমাৰীত গ্ৰন্থমেলা আয়োজন কৰি অহাৰ পিছত এইবাৰ অসমৰ চাৰিখন চহৰত অসম প্ৰকাশন পৰিষদৰ গ্ৰন্থমেলা আয়োজনৰ সিদ্ধান্ত শিক্ষা বিভাগৰ ৷ পূৰ্বতে অসম প্ৰকাশন পৰিষদ আৰু উত্তৰ পূব গ্ৰন্থ বিক্ৰেতা সন্থাৰ লগত যৌথভাৱে গ্ৰন্থমেলা গুৱাহাটীৰ চান্দমাৰী খেল পথাৰত অনুষ্ঠিত হৈছিল ৷ এইবাৰ প্ৰকাশন পৰিষদ ৰ গ্ৰন্থমেলা অসমৰ চাৰিখন চহৰত অনুষ্ঠিত হ’ব ৷ এই কথা ধেমাজিত ঘোষণা কৰে শিক্ষামন্ত্ৰী ৰনোজ পেগুৱে ৷


চাৰি নৱেম্বৰৰ পৰা ধেমাজিত অনুষ্ঠিত হ’ব অসম প্ৰকাশন পৰিষদৰ গ্ৰন্থমেলা ৷ পুৰ্বৰ কেৱল গুৱাহাটীত এখন গ্ৰন্থমেলা আয়োজনৰ পৰিৱৰ্তে ২০২২ বৰ্ষত চাৰিখন গ্ৰন্থমেলা অনুষ্ঠিত কৰিব অসম প্ৰকাশন পৰিষদে ৷ অসম প্ৰকাশন পৰিষদৰ ২০২২ বৰ্ষৰ প্ৰথমখন গ্ৰন্থমেলা চাৰি নৱেম্বৰৰ পৰা অনুষ্ঠিত হ’ব ধেমাজিত , দ্বিতীয়খন গ্ৰন্থমেলা দুই ডিচেম্বৰৰ পৰা যোৰহাটত , তৃতীয়খন গ্ৰন্থমেলা ২৯ ( উনত্ৰিশ ) ডিচেম্বৰত গুৱাহাটীত আৰু চতুৰ্থখন গ্ৰন্থমেলা অনুষ্ঠিত হ’ব বঙাই গাঁৱত ৷

Leave A Reply

Your email address will not be published.