ননৈ : সাম্প্ৰতিক সময়ত বিশ্বব্যাপী ত্ৰাসৰ সৃষ্টি কৰা ক’ৰোনা ভাইৰাছৰ সংহাৰৰ মাজত উন্নয়নৰ গতি যাতে স্থবিৰ হৈ নপৰে সেই উদ্দ্যেশ্য আগত লৈয়ে কালি শেনছোৱা গাঁও পঞ্চায়তৰ ১৯ টাকৈ উন্নয়ন মূলক আঁচনি সমূহৰ কামৰ শুভাৰম্ভণি কৰা হয়। চতুৰ্দশ বিত্তীয় আয়োগ আঁচনিৰ অধীনত পঞ্চায়টোৰ ৯ টাকৈ পথৰ লগতে ৫ টাকৈ পানীযোগান আঁচনি, ৰাজহুৱা ভৱন, নামঘৰকে ধৰি কেইবাটাও ৰাজহুৱা অনুষ্ঠানৰ কামৰ শুভাৰম্ভণি কৰে বিধায়ক ৰূপক শৰ্মাই। উন্নয়নমূলক আচঁনিসমূহৰ শুভাৰম্ভ অনুষ্ঠানত বিধায়কজনৰ লগত উপস্থিত থাকে কাছমাৰী জিলা পৰিষদৰ সদস্যা কাঞ্চন বৰদলৈ, শেনছোৱা গাঁও পঞ্চায়তৰ সভাপতি ৰাজীৱ বৰা, খাগৰিজান আঞ্চলিক পঞ্চায়তৰ সভানেত্ৰী দিপাঞ্জলী কোৱৰ, শেনছোৱা আঞ্চলিক পঞ্চায়তৰ সদস্য নৱজ্যোতি বৰকাকতী প্ৰমুখ্যে পঞ্চায়তৰ সমূহ বিষয়ববীয়াৰ লগতে বিজেপি দলৰ কেইবাজনো কাৰ্য্যকৰ্তা। কালি শুভাৰম্ভ হোৱা উন্নয়নমূলক আঁচনিসমূহৰ জৰিয়তে অঞ্চলবাসী ৰাইজ বহু পৰিমাণে উপকৃত হ’ব বুলি সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই জানিব দিয়ে ৷
Breaking
- Book launch of Digdarshan যোৰহাটত দিগদৰ্শন প্ৰকাশনৰ গ্ৰন্থ উন্মোচন
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- Nazira ONGC employee goes to jail:ইনষ্টাগ্ৰামৰ বাগিৰে লজ্জানত কাণ্ড! ONGCৰ কৰ্মচাৰী গ’ল জে’ল হাজোতলৈ
- Na Lakhimi Scheme:মহিলা হিতাধিকাৰীক ন-লখিমী আঁচনিৰ দ্বাৰা মাহে ৩০০০ টকাকৈ দিয়া হ’বঃ ভূপেন কুমাৰ বৰা
- All Tiwa Students Union: বেদখলকৃত ভূমি উচ্ছেদ কৰি ট্ৰাইবেল বেল্ট-ব্লক সংৰক্ষণৰ দাবী সদৌ তিৱা ছাত্ৰ সন্থাৰ
- Orunodoi 3.0 scheme: ৰাজ্যজুৰি অৰুণোদয় ৩.০ আনুষ্ঠানিকভাৱে শুভাৰম্ভ মুখ্যমন্ত্ৰীৰ
- Sarania-Kachari Tribe in Assam: জনজাতিৰ প্ৰমাণ পত্ৰ এখনৰ বাবেও সংগ্ৰাম কৰিবলগীয়া হৈছে অসমৰ একাংশ আদিপুৰুষে
- Assam Online Trading Scam: প্ৰমাণ হ’ল – চুমি বৰাৰ হাতোৰা প্ৰসাৰিত হৈছিল ন্যায়পালিকাৰ পৰা কাৰ্যপালিকালৈ !
- Tirupati temple: তিৰুপতি মন্দিৰৰ লাডুত গো-মাংসৰ চৰ্বি!
- Delhi Chief Minister : দিল্লীৰ নতুন মুখ্যমন্ত্ৰী কোন হ’ব ?
- Smart Meter:স্মার্ট মিটাৰ এপিডিচিএলক ঘূৰাই দিলে ক্ষোভিত ৰাইজে !
- MISING AUTONOMOUS COUNCIL: মিচিং স্বায়ত্ততশাসিত পৰিষদৰ নতুন পৰিষদীয় সমষ্টি সীমা নির্ধাৰণক লৈ অভিযোগ !