দৈনন্দিন বাৰ্তা ডেস্ক :
মানুহ জীৱশ্ৰেষ্ঠ। ভাল-বেয়া, উচিত-অনুচিত ইত্যাদি বিচাৰ কৰিব পৰা ক্ষমতা ভগৱানে মানুহক দিছে। কিন্তু বৰ্তমান জীৱশ্ৰেষ্ঠ মানুহেই প্ৰকৃতিৰ ওপৰত ধ্বংসলীলা আৰম্ভ কৰিছে। নিজৰ প্ৰয়োজনীয় সম্পদখিনি প্ৰকৃতিৰ পৰা আহৰণ কৰাৰ উপৰিও ধ্বংস কৰি গৈছে এটাৰ পাছত আনটো সম্পদ। পৰিৱেশ সংৰক্ষণ বৰ্তমান কেৱল এটা শ্লোগানহে মাথো। কেৱল বিশ্ব পৰিৱেশ দিৱসৰ দিনা গছপুলি ৰোপন কৰি ছ’চিয়েল মিডিয়াত ফটো আপলোড কৰি, নিউজ চেনেলত বহি পৰিৱেশ সংৰক্ষণৰ ডাঙৰ ডাঙৰ ভাষণতেই বৰ্তমান পৰিৱেশ সংৰক্ষণ সীমাবদ্ধ। কিন্তু বাস্তৱত দেখিবলৈ পাওঁ যে চাৰিওফালে কেৱল বন ধ্বংস, অবৈধ বালি খনন, অবৈধ কয়লা ব্যৱসায়, পাহাৰ খনন ইত্যাদি। ইয়াত চৰকাৰ প্ৰশাসন বা বন বিভাগ সকলো মৌন। এনেদৰে হ’লে প্ৰকৃতি আৰু কিমান দিনলৈ বাচি থাকিব? প্ৰকৃতিৰ ওপৰত মানুহৰ এই অত্যাচাৰ কেতিয়া অন্ত পৰিব? মানুহে প্ৰকৃতিৰ ওপৰত কৰা অত্যাচাৰৰ ফলাফলটো হাতে হাতে পায়ে আছে তথাপিও প্ৰকৃতিৰ ওপৰত ধ্বংস যজ্ঞ চলিয়ে আছে। মানুহে বাসস্থান সাজিবলৈ বনাঞ্চল ধ্বংস কৰিছে, গছ-গছনি কাটিছে। যাৰ ফলত বন্য জীৱ-জন্তু আৰু মানুহৰ মাজত সংঘাত বৃদ্ধি পাইছে। এজাক বৰষুণ অহাৰ লগে লগে কৃত্ৰিম বানপানীয়ে দেখা দিয়ে, সঘনায় ভূমিস্খলন হয়। কৃষিভূমিসমূহ নষ্ট কৰি উদ্যোগ স্থাপন কৰাৰ ফলত এই উদ্যোগসমূহৰ পৰা ওলোৱা লেতেৰা ধোৱা আৱৰ্জনা ইত্যাদিয়ে আমাৰ চাৰিওফালৰ পৰিৱেশটো প্ৰদূষিত কৰে। এনেদৰে চলি থাকিলে এদিন পৃথিৱীত অক্সিজেনৰ পৰিমাণো কমি যাব। যাৰ ফলত মানৱ জাতি, জীৱ-জন্তু জীয়াই থকাতো অসম্ভৱ হৈ পৰিব। গতিকে সময় থাকোতেই আমি আমাৰ পৰিৱেশ বচোৱা উচিত।