স্বামীয়ে এচিডেৰে আক্ৰমণ (Acid Attack) কৰিলে পত্নীক,পাৰিবাৰিক কন্দলৰ ভয়ংকৰ পৰিণতি। ৯০ শতাংশ মুখ জ্বলি জীৱন-মৃত্যুৰে যুঁজ দিছে পত্নীয়ে

দৰঙৰ (Darrang) খাৰুপেটীয়াত (Kharupetia) সংঘটিত হৈছে এচিড আক্ৰমণৰ ঘটনা (Acid Attack) ৷ পাৰিবাৰিক কন্দলৰ বাবে খাৰুপেটীয়াৰ ৰামনগৰৰ অমৰ ধৰ নামৰ লোক এজনে পত্নীৰ মুখত ঢালিলে এচিড ৷

এচিডৰ আক্ৰমণত গুৰুতৰভাবে আহত পত্নী উৰ্মিলা ধৰ। বৰ্তমান জীৱন-মৃত্যুৰে যুঁজ দি আছে মহিলাগৰাকীয়ে। সংকটজনক অৱস্থাত জিএমচিত চিকিৎসাধীন হৈ আছে মহিলাগৰাকী ৷

দুদিন পূৰ্বে ঘটনাটো সংঘটিত হৈছিল ৷ আজি মহিলাগৰাকীৰ মাতৃয়ে থানাত এজাহাৰ দিয়াৰ পিছত খাৰুপেটীয়া আৰক্ষীয়ে (Kharupetia Police) অমৰ ধৰক আটক কৰি জেললৈ প্ৰেৰণ কৰে ৷

Related Articles