হৃদয়বিদাৰক ! ওপজা দিনটোতেই মৃত্যুক সাৱটিলে এজন CRPFৰ জোৱানে; জন্মদিনৰ আনন্দত মোবাইল কিনিবলৈ গৈ পতিত হ’ল দুৰ্ঘটনাত। পৰিয়ালটোত কান্দোনৰ ৰোল

শুকুৰবাৰে সন্ধিয়া যোগীঘোপাৰ (Jogighupa) চিনাবাৰীত ১৭নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এক শোকাৱহ পথ দুৰ্ঘটনা (Tragic Road Accident)। নিজৰ জন্মদিনৰ দিনাই দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে এগৰাকী CRPF জোৱানে (CRPF Jawan Died On Birthday)। নিশা অচিনাক্ত বাহনৰ খুন্দাত নিহত হয় এজন বাইক আৰোহী চিআৰপিএফ জোৱান। নিহত চিআৰপিএফ জোৱানজন কিশোৰ কলিতা (Kishore Kalita) বুলি জানিব পৰা গৈছে।

বঙাইগাঁৱৰ (Bongaigaon) যোগীঘোপাৰ চলন্তপাৰাত নিশা সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনাটো। চিআৰপিএফত কৰ্মৰত যুৱকজনে ছুটী লৈ নিজ ঘৰলৈ আহিছিল।

জানিব পৰা মতে, যুৱকজনৰ জন্মদিন উপলক্ষে মোবাইল ফোন ক্ৰয় কৰাৰ বাবে ওচৰতে থকা কাবাইটাৰী বজাৰলৈ গৈছিল ৷ কিন্তু মোবাইল লৈ নিজ ঘৰলৈ উভতি আহি যুৱকজনে জন্মদিন পালন কৰিব নোৱাৰিলে ৷

বজাৰৰ পৰা AS19 R 33397 নম্বৰৰ ৰয়েল এনফিল্ড বাইকখনেৰে আহি থকা সময়তে অচিনাক্ত বাহনে যুৱকজনক খুন্দিয়াই পলায়ন কৰে। পথ দুৰ্ঘটনাটোত বাইক আৰোহীজন গুৰুতৰভাবে আহত হয়। আহত বাইক আৰোহীজনক সংকটজনক অৱস্থাত বঙাইগাঁও অসামৰিক চিকিৎসালয়লৈ (Bongaigaon Civil Hospital) লৈ প্ৰেৰণ কৰা হয় যদিও বঙাইগাঁও অসামৰিক চিকিৎসালয় মৃত্যু বুলি ঘোষণা কৰে ।

ওপজা দিনটোতে সকলোকে কন্দুৱাই চিৰবিদায় লোৱা ঘটনাই পৰিয়ালৰ লগতে অঞ্চলজুৰিতো শোকৰ ছাঁ পেলাইছে।

Related Articles