শোণিতপুৰ জিলা প্ৰশাসনৰ বৃহৎ উচ্ছেদ অভিযান৷শিঙৰীৰ ৩নম্বৰ চিতলমাৰীত শনিবাৰে চলিল এই অভিযান।

শোণিতপুৰ জিলাৰ ৭২ নং বিধানসভা সমষ্টিৰ শিঙৰী আৰক্ষী চকী এলেকাৰ ৩ নং চিতলমাৰীত চৰকাৰৰ নিৰ্দেশ মৰ্মে আজি শোণিতপুৰ জিলা প্ৰশাসনে চলালে উচ্ছেদ অভিযান৷উল্লেখ্য যে শিঙৰী আৰক্ষী চকী এলেকাৰ ৩ নং চিতলমাৰীত প্ৰায় ৩০০ ভূমিহীন পৰিয়ালে চৰকাৰী ভূমি বেদখল কৰি বহুবছৰ পূৰ্বৰে পৰাই গাওঁ পাতি বসবাস কৰি আহিছিল৷কিন্তু শেহতীয়াকৈ ৰাজ্য চৰকাৰে গ্ৰহণ কৰা এক সিদ্ধান্তত আজি শোণিতপুৰ জিলা প্ৰশাসনে উক্ত অঞ্চলত চলালে বৃহৎ উচ্ছেদ অভিযান৷

JCB ৰ সহায়ত আৰক্ষী প্ৰশাসনে আজি পুৱা ছয়বজাৰ পৰাই আৰাম্ভ কৰিলে উচ্ছেদ৷কোনো ধৰণৰ বাধাবিঘিণি নোহোৱাকৈ অতি শান্তিপূৰ্ণ ভাৱেই চলিল আজিৰ উচ্ছেদ৷৩ নং চিতলমাৰীত উচ্ছেদৰ পিচতে আজি অঘৰী হৈ পৰিছে প্ৰায় ৩০০ পৰিয়াল৷

আপোন গৃহটো হেৰুৱাই এতিয়া লোকসকৰ চকুত মাত্ৰ চকুলো৷উচ্ছেদিত লোক সকলে সংস্থাপনৰ বাবে চৰকাৰক জনাইছে কাতৰ অনুৰোধ৷ এই ক্ষেত্ৰত চৰকাৰে কি ব্যৱস্থা কৰে সেয়া সময়ত লক্ষণীয় হব৷

সংবাদদাতাঃ শ্ৰী প্ৰশান্ত বৈশ্য

Related Articles