এযোৰ চশমাই কিদৰে আপোনাৰ মূল্যৱান চকুজুৰিক সুৰক্ষা প্ৰদান কৰে জানেনে …

বহুতে ভাবে- ভালকৈ চাই চিন্তি দিয়া চশমাযোৰে নেদেখা চকু এটাৰে দেখিবই । যদি নেদেখে তেন্তে চশমাখন ভালকৈ দিয়া নহ’ল বুলি ভাবে । বহুতৰ আকৌ ধাৰণা- চশমাখনৰ পাৱাৰটো অলপ বঢ়ালেই যেন তেওঁ ভালকৈ দেখিব । কোনোজনৰ আপত্তি চশমাখনত পাৱাৰ বেছি হৈছে, অলপ কমাই দিলে ভাল আছিল ইত্যাদি ।

আচলতে, নিৰ্দিষ্ট সময়ত এটা চকুৰে মাত্ৰ এটা চকুৰে মাত্ৰ এটা পাৱাৰ চশমাৰেহে ভাল দেখাটো সম্ভৱ । কাৰণ এযোৰ চশমাই পোহৰৰ ৰশ্মি ৰেটিনাৰ নিৰ্দিষ্ট বিন্দুত পেলোৱাৰ বাহিৰে আন কোনো কাৰ্য কৰিব নোৱাৰে আৰু এই কাম উক্ত চকুটোত মাত্ৰ এটা পাৱাৰৰ লেন্সেহে কৰিব । এই পোহৰৰ ৰশ্মি কৰ্ণ ইয়া, একোৱাচ, পিউপিল, লেন্স, ভিট্ৰিয়াচ আদিৰ মাজেদি গৈ ৰেটিনাত পৰেগৈ ।

ৰেটিনাই সেই পোহৰ সংগ্ৰহ কৰি অপ্টিক নাৰ্ভেৰে মগজুলৈ পোহৰৰ সেই সংকেত পঠাই দিয়ে আৰু তেতিয়াই আমি দেখা পাওঁ । এতিয়া যদি উপৰিউক্ত অংগসমূহত কোনো অসুখ হয়, তেন্তে পোহৰৰ ৰশ্মি গৈ মগজু নাপাবলৈ বা ৰশ্মি গৈ মগজু পালেও মগজুৰ নিজৰেই যদি অসুখ থাকে, তেন্তে দেখা পোৱা সম্ভৱ নহয় । এনে ক্ষেত্ৰত চশমাৰ কোনো ভূমিকা নাথাকে ।

লেখক : ডা: নাৰায়ণ বৰদলৈ

Related Articles