Breaking

কাৰ্যালয় বা ঘৰত টিভিৰ সন্মুখত একেৰাহে বহু সময় বহি থকাটো স্বাস্থ্যৰ বাবে হানিকাৰক…

0 67

কাৰ্যালয় বা ঘৰত টিভিৰ সন্মুখত একেৰাহে কে’বাঘণ্টাও বহি থাকে নেকি?

শৰীৰটোক আৰাম দিবৰ কাৰণে এই অভ্যাস হিতে বিপৰীত হোৱাৰ দেখা যায়।জীৱন-পদ্ধতিত থিয় হৈ বা বহি যিকোনো কাম কৰাটো অবিচ্ছেদ্য অংশ। কিন্তু শাৰীৰিক সুস্থতাৰ কাৰণে একে ঠাইতে থিয় হৈ, বহি নাথাকি চলা-ফুৰা কৰা প্ৰয়োজন।

হৃদৰোগ আৰু দায়েবেটিছ ৰোগ সম্প্ৰতি জীৱন যাপনৰ ফলত হোৱা ৰোগ হিচাপে চিনাক্ত হৈছে।এই ৰোগৰ অন্যতম কাৰণ হৈছে একে ভ্ংগীতে,একে ঠাইতে বহু সময় ধৰি বহি থকাটো।অথচ সম্প্ৰতি শিশুৰ পৰা বৃদ্ধলৈকে আধুনিক প্ৰযুক্তিৰ পণ্য হাতত লৈ এনেদৰে বহি ঘণ্টা সময় পাৰ কৰে।

গৱেষণাৰ পৰা দেখা গৈছে,যিসকলে নিয়মিত ব্যায়াম কৰে তেওঁলোকেও যদি দিনটোৰ বেছিভাগ সময় বহি কটায়,তেতিয়া এই সমস্যাবোৰে দেখা দিব পাৰে।বিশেষকৈ শিশুক দিনটোৰ কিছু সময় বাহিৰত কটাবলৈ দিয়ক।দৌৰা,জঁপিওৱা আদি শিশুৰ লগত খেলিবলৈ লওক।শিশুৱে স্কুলত খেলে যদিও ঘৰতো কিছু সময় খেলিবলৈ উৎসাহ দিয়ক।

কাৰ্যালয়ৰ কাম-কাজৰ পৰিৱেশ আৰু নিয়ম-কানুন সলনি কৰাটো সম্ভৱ নহয়-

কিন্তু স্বাস্থ্যজনিত কাৰণতে নিজৰ আচৰণৰ পৰিৱৰ্তন কৰক।কাম-কাজৰ মাজে মাজে কিছু সময় উলিয়াই চকীৰ পৰা থিয় হওক আৰু হাত-ভৰিৰ জোৰাত হেঁচা পৰাকৈ শৰীৰটো টনাটনি কৰক।কাৰ্যালয়ত প্ৰতি ঘণ্টাৰ মুৰত ইণ্টাৰনেটৰ তথ্য বিচৰাৰ অজুহাতত হাততেই ফোন ৰাখি থয়।এই কাম নকৰি ফোনটো টেবুলত থৈ ঘণ্টাৰ মুৰে মুৰে থিয় হৈ দুই মিনিটৰ কাৰণে শৰীৰটো টানি দিয়ক।মাজে মাজে সহকৰ্মীৰ লগত কুশল বিনিময় কৰি আহক।যিবোৰ ব্যায়াম কাৰ্যালয়ত কৰা সম্ভৱ তেনে কাম কৰিব পাৰে।

এই নিয়ম ঘৰতো মানি চলক।কাৰ্যালয়ত বেছিভাগ সময় বহি কটাবলগীয়া হ’লে ঘৰত বহি কৰা কামৰ পৰিমাণ কমাই দিব।টেলিভিছন,কম্পিউটাৰ আদিৰ সন্মুখত বেছি সময় বহি নাথাকিব।

Leave A Reply

Your email address will not be published.