Breaking

গুৱাহাটীস্থ নেডফি হাউছত অসম চৰকাৰৰ ষ্টাৰ্ট-আপ ইক’-ছীষ্টেমৰ অংশ হিচাপে জেৰুণ্ড মেনুফেকচাৰিং প্ৰাইভেট লিমিটেডৰ উদ্বোধন কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই

0 1,289

আজি গুৱাহাটীস্থ নেডফি হাউছত অসম চৰকাৰৰ ষ্টাৰ্ট-আপ ইক’-ছীষ্টেমৰ অংশ হিচাপে জেৰুণ্ড মেনুফেকচাৰিং প্ৰাইভেট লিমিটেডৰ উদ্বোধন কৰা হয়। এই অনুষ্ঠানত উপস্থিত থাকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। নিৰ্বাচিত প্ৰপটেক ষ্টাৰ্ট-আপ Zerund, Modcave, Realiti.io, Safearth, Settl, SustVest, Tellus Habitatৰ সফলতাৰ বাবে কৰ্তৃপক্ষক অভিনন্দন জনাই মুখ্যমন্ত্ৰী গৰাকীয়ে। শেহতীয়াকৈ ৰাজ্যসমূহৰ ষ্টাৰ্ট-আপ ৰেংকিঙে ভাৰত চৰকাৰৰ উদ্যোগ আৰু অভ্যন্তৰীণ বাণিজ্য প্ৰসাৰ বিভাগ (DPIIT)ৰ সমীক্ষাত উল্লেখযোগ্য সফলতা লাভ কৰিছে। ৰাজ্যত এক শক্তিশালী ষ্টাৰ্ট-আপ পৰিৱেশ তন্ত্ৰ গঢ়ি তোলাৰ ক্ষেত্ৰত অসম চৰকাৰেও বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে।

এই ষ্টাৰ্ট-আপ যাত্ৰাই ৰাজ্যৰ চহৰ আৰু গ্ৰামাঞ্চল উভয়কে স্পৰ্শ কৰিবলৈ সক্ষম হৈছে।অসম চৰকাৰৰ দ্য নেষ্ট-এ এতিয়ালৈকে ৭৪টা আউটৰিচ ইভেণ্ট সম্পন্ন কৰিছে লগতে সমগ্ৰ অসমৰ প্ৰতিখন জিলাতে ১৫,০০০ৰো অধিক ছাত্ৰ-ছাত্ৰী, যুৱ উদ্ভাৱক, আৰু উচ্চাকাংক্ষী ষ্টাৰ্ট-আপ প্ৰক্ৰিয়াসমূহৰ সৈতে সংযোজিত হৈছে। ইয়াৰ লগতে হাব এণ্ড স্প’ক মডেলৰ শুভাৰম্ভ কৰি অসম ষ্টাৰ্ট-আপ দ্য নেষ্ট-এ শীৰ্ষ বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়সমূহৰ সৈতে ৪৩খন সহযোগিতা পত্ৰত স্বাক্ষৰ কৰিছে।আজিৰ অনুষ্ঠানত নেডফিৰ অধ্যক্ষ আৰু পৰিচালন সঞ্চালক পি ভি এছ এল এন মূৰ্তি, জেৰুণ্ড মেনুফেকচাৰিং প্ৰাইভেট লিমিটেড, গ্ৰুহাছ এছপায়াৰৰ প্ৰতিনিধিৰ লগতে অন্যান্য বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.