Breaking

‘পৌৰ এলেকাত কৰ বৃদ্ধি কৰাৰ বাবে চৰকাৰে কোনো প্ৰস্তাব হাতত লোৱা নাই’ – মন্ত্ৰী অশোক সিংহাল

0 530

‘পৌৰ এলেকাত কৰ বৃদ্ধি কৰাৰ বাবে চৰকাৰে কোনো প্ৰস্তাব হাতত লোৱা নাই’ – আজি বৰপেটাত এই কথা স্পষ্ট কৰে গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী অশোক সিংহালে। মন্ত্ৰী গৰাকীয়ে পৌৰ এলেকাত কিমান মানুহ আছে, ঘৰৰ আকাৰ কেনেকুৱা, কেইমহলীয়া ঘৰ আছে সম্প্ৰতি এই তথ্যবোৰ সংগ্ৰহ কৰাৰ ব্যৱস্থা কৰা হৈছে। বিগত পঞ্চাশ বছৰত পৌৰ এলেকা সমূহত কোনো সমীক্ষা কৰা হোৱা নাই।

আজি বৰপেটা জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এখন পৰ্যালোচনা বৈঠকৰ অন্তত সংবাদ মাধ্যমৰ আগত মন্ত্ৰী গৰাকীয়ে এই তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে। অসমৰ প্ৰতিখন পৌৰ সভাৰ অধীনত বৈজ্ঞানিক পদ্ধতিৰে ডাম্পিং গ্ৰাউণ্ড নিৰ্মাণ কৰা হব ৷ ইয়াৰ সমান্তৰালভাৱে পাৰ্ক, জাবৰ নিস্কাষণৰ ব্যৱস্থা কৰাৰ লগতে অডিটৰিয়াম নিৰ্মাণ কৰা হ’ব।

Leave A Reply

Your email address will not be published.