কলাক্ষেত্ৰত ড° অঞ্জনাময়ী শইকীয়াৰ ওডিচি নৃত্য পৰিৱেশন…

অসম ওডিচি ফ’ৰাম আৰু ওডিচি ইণ্টাৰনেচনেল ফ’ৰামে শ্ৰীমন্তশঙ্কৰদেৱৰ কলাক্ষেত্ৰ সমাজৰ সহযোগত
গুৱাহাটীৰ পাঞ্জাবাৰীস্থিত শ্ৰীমন্তশংকৰদেৱ কলাক্ষেত্ৰৰ বাণীকান্ত কাকতি প্ৰেক্ষাগৃহত ৩ আৰু ৪ ছেপ্টেম্বৰত দুদিনীয়াকৈ আয়োজন কৰা “গুৱাহাটী ওডিচি উৎসৱ-২০২২”ত অসমৰ এগৰাকী যশস্বী নৃত্যপটীয়সী ড° অঞ্জনাময়ী শইকীয়াই উৎসৱৰ আৰম্ভণিৰ দিনা ৩ ছেপ্টেম্বৰত পৰিবেশন কৰা ওডিচি নৃত্যই উপস্থিত দৰ্শকৰ ভূয়সী প্ৰশংসা লাভ কৰে ৷ এই “গুৱাহাটী ওডিচি উৎসৱ”ত ভাৰতৰ এক জনপ্ৰিয় শাস্ত্ৰীয় নৃত্য ওডিচি নৃত্য পৰিৱেশনত বিশেষ পাৰদৰ্শিতা অৰ্জন কৰা অসমৰ ড° অঞ্জনাময়ী শইকীয়াই গুৰু কেলুচৰণ মহাপাত্ৰৰ নৃত্য সংৰচনাত পৰিবেশন কৰে “অষ্টপদী -সখী হে ” শীৰ্ষক এটি নৃত্য৷ ভক্তি কবি জয়দেৱৰ গীত গোবিন্দ্‌মৰ পৰা লোৱা তথা ৰাধা -কৃষ্ণৰ পবিত্ৰ প্ৰেম গাথাঁক ভিত্তি কৰি সংৰচনা কৰা অষ্টপদীৰ নৃত্যশৈলীক দৰ্শকে ভূয়সী প্ৰশংসা কৰে৷ অঞ্জনা ময়ী শইকীয়াই পৰিৱেশন কৰা অষ্টপদীৰ সংগীত পৰিচালনা আছিল পণ্ডিত ভুৱনেশ্বৰ মিশ্ৰৰ ৷


গুৱাহাটীত দৰ্পণ ডেন্স একাডেমী প্ৰতিষ্ঠা কৰি আগ্ৰহীসকলক ওডিচি নৃত্যৰ প্ৰশিক্ষণ দি অহা ড° অঞ্জনাময়ী শইকীয়াৰ সত্ৰীয়া নৃত্যশিল্পী হিচাপেও সুনাম আছে৷বৰ্তমান গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ কমিউনিটি মেডিচিন বিভাগৰ প্ৰৱক্তা হিচাপে কৰ্মৰত ড° অঞ্জনা ময়ী শইকীয়াই ভাৰতৰ ভিন্ন ৰাজ্যৰ আগশাৰীৰ নৃত্য মহোৎসৱত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰ,কানাডা,ডেনমাৰ্ক, পটুৰ্গাল আদি বিদেশী ৰাষ্ট্ৰৰ অনুষ্ঠানতো নৃত্য পৰিবেশন কৰাৰ লগতে ওডিচি আৰু সত্ৰীয়া দুয়োবিধ নৃত্যতে দূৰদৰ্শনৰ পৰা এ-গ্ৰেডৰ শিল্পী হিচাপে স্বীকৃতি লাভ কৰিছে ৷ ড° অঞ্জনাময়ী শইকীয়াৰ নৃত্যশিল্পী হিচাপে ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো যথেষ্ট সুনাম আছে৷উল্লেখ্য যে দুদিনীয়াকৈ আয়োজন কৰা এই উৎসৱত সদ্যপ্ৰয়াত নৃত্যগুৰু গৰিমা হাজৰিকাক সোঁৱৰণ কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়৷
৪ ছেপ্তেম্বৰৰ সন্ধিয়া দৰ্পণ ডান্স একাডেমীৰ শৰ্মিষ্ঠা চৌধুৰী,ৰূপচন্দা শৰ্মা,নীলম দাস,ঈষিকা ভট্টাচাৰ্য,অংকিতা চেতিয়া,ৰিম্পী নাথ আৰু চাইবি শিৱে আকৰ্ষণীয়কৈ ”গুৰুবন্দনা আৰু বটু” ,”আৰৱী -পল্লৱী”আৰু এটি একক নৃত্যৰে আন তিনিটা ওডিচি নৃত্যৰ অনুষ্ঠান পৰিৱেশন কৰিও দৰ্শক -ৰাইজৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হয় ৷

Related Articles